![]()
আজি পবিত্ৰ ৰাম নৱমী (Ram Navami)। ধৰ্মীয় বিশ্বাস অনুসৰি, যেতিয়া ৰাৱণৰ অত্যাচাৰ যথেষ্ট বৃদ্ধি পাইছিল তেতিয়া এই অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ ভাৰতৰ মাটিত মৰ্যাদা পুৰুষত্তম ভগৱান শ্ৰীৰামে (Shree Ram) জন্মলাভ কৰিছিল।
আজিৰ এই আধ্যাত্মিক ক্ষণত অভিনেত্ৰী আইমী বৰুৱাই (Aimee Boruah) নীলাচল পাহাৰস্থিত শক্তিপীঠ কামাখ্যা ধাম (Kamakhya Mandir) দৰ্শন কৰে। তেওঁ এই পবিত্ৰ স্থানত উপস্থিত হৈ দৰ্শন কৰা কিছু সুন্দৰ দৃশ্যাংশৰে এটি মননশীল ভিডিঅ’ শ্বেয়াৰ কৰে।

অনুৰাগী সকলক সময়ে সময়ে নিজৰ খবৰ দি থকা আইমী বৰুৱাৰ শেহতীয়া এই ভিডিঅ’টোত বহুকেইগৰাকী ধৰ্মপ্ৰাণ ব্যক্তিয়ে কমেণ্ট কৰা পৰিলক্ষিত হৈছে।













