অসমৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া স্বৰূপ ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যাল (Nagaon College)-য় (অট’নমাচ)ক ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ শৈক্ষিক প্ৰতিষ্ঠান বঁটা (Best Educational Institute Award) প্ৰদান কৰা হয়। শিক্ষা,গৱেষণা আৰু বহি: সংযোগ কাৰ্যসূচীৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ৱৰ্ল্ড এডুকেচন কংগ্ৰেছে নগাঁও মহাবিদ্যালয় (অট’নমাচ)ক ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ শৈক্ষিক প্ৰতিষ্ঠান বঁটা প্ৰদান কৰে। গুৱাহাটীৰ ভিভান্টা হোটেলত আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৱৰ্ল্ড এডুকেচন কংগ্ৰেছৰ তৰফৰ পৰা এই বঁটা প্ৰদান কৰা হয়। নগাঁও কলেজ (অট’নমাচ)ৰ হৈ এই বঁটা গ্ৰহণ কৰে আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড° ভুৱন চন্দ্ৰ চুতীয়াই।http://(Nagaon College)
আনহাতে নগাঁও কলেজৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে নগাঁও কলেজ (অট’নমাচ)ক প্ৰদান কৰা এই বঁটাৰ বাবে ৱৰ্ল্ড এডুকেচন কংগ্ৰেছ (World Education Congress)ক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কলেজৰসমূহ পৰিয়ালবৰ্গকে শুভেচ্ছা জ্ঞাপন কৰে। ড: বৰকটকীয়ে সন্ত্তষ্টি প্ৰকাশ কৰি কয় যে এই বঁটাই কলেজৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ -উদ্দীপনা যোগোৱাৰ লগতে গুণগত শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব।
ইপিনে বঁটা গ্ৰহণ কৰি সমন্বয়ক ড° ভুৱন চন্দ্ৰ চুতীয়াই এই বঁটাই নগাঁও কলেজ পৰিয়ালৰ দায়বদ্ধতা আৰু দুগুণে বৃদ্ধি কৰিব আৰু ভৱিষ্যতে শিক্ষা, গৱেষণা আৰু বহিঃসংযোগ কাৰ্যসূচী আগুৱাই লৈ যোৱাত সহায়ক হ’ব বুলি মন্তব্য কৰে।