ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাইলৈৰ পৰা শুভাৰম্ভ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ বহিঃৰ্বিভাগঃ

ASSAM TIMES POST by ASSAM TIMES POST
November 26, 2019
Reading Time: 1 min read
A A
0

পাহাৰীয়া ৰাইজৰ চিকিৎসাৰ অভাৱ পূৰণাৰ্থে ডিফুত ঐতিহাসিক ডিফু চিকিৎসা মহাবিদ্যালয়ৰ আনুষ্ঠানিক শুভাৰম্ভ
logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

ডিফুঃ বহু প্ৰতিক্ষাৰ অন্তত কাইলৈৰ পৰা অৰ্থাৎ আৰু কেইটামান ঘণ্টাৰ পিছৰ পৰা আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰা হ’ব ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বহিঃৰ্বিভাগৰ কাম ৷ ঐতিহাসিক ক্ষণটোৰ সাক্ষী হৈ ৰ’ল দিনে- নিশা হাড়-ভগা শ্ৰম কৰা শ্ৰমিক , ঠিকাদাৰ, উপ ঠিকাদাৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষ ৷ ইয়াৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ অশেশ প্ৰচেষ্টাত পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত পাহাৰীয়া জনতাৰ স্বাস্থ্য আৰু চিকিৎসাৰ বাবে নিৰ্মাণ হৈ উঠিবলৈ সক্ষম হৈছে ডিফু চিকিৎসা মহাবিদ্যালয়খন ৷

বহিঃৰ্বিভাগৰ কাম- কাজ শুভাৰম্ভ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ অসমৰ ভিতৰত ভৌগলিক পৰিসীমাৰ আটাইতকৈ বৃহৎ পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুৰ ন্যায়িক আদালতৰ কাষৰ এক বৃহত এলেকাত গঢ়ি উঠিছে পাৰ্বত্য জিলাবাসীৰ বহু আকাংখিত ঐতিহাসিক চিকিৎসা মহাবিদ্যালয় খন ৷ অসম চৰকাৰ বিত্ত আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মা আৰু কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ঐকান্তিক প্ৰচেষ্ঠাত বহু বাধা- বিঘিনিৰ পিছতো সেউজী পাহাৰৰ নান্দনিক প্ৰাকৃতিক পৰিৱেশৰ শোভা বৰ্ধন কৰি অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় তথা গৱেষণা কেন্দ্ৰটিয়ে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ৰূপে সম্পূৰ্ণ হ’বলৈ সক্ষম হৈছে ৷

২৫ নৱেম্বৰ অৰ্থাত কাইলৈ সোমবাৰে শুভাৰম্ভ হব চিকিৎসা মহাবিদ্যালয়খনৰ কাম৷ কাইলৈ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় খনৰ বহিঃৰ্বিভাগৰ কাম কাজ আৰম্ভ হব যদিও এখন পূৰ্ণাংগ পৰ্যায়ৰ চিকিৎসা মহাবিদ্যালয় পাবলৈ পাহাৰীয়া ৰাইজে আৰু কিছু সময় অপেক্ষা কৰিব লাগিব ৷বাকী থকা কাম সমূহ পৰ্যায় ক্ৰমে সমাপন কৰা হব বুলি কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে ৷ চিকিৎসা মহাবিদ্যালয় খনৰ ৮০% শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷

২০১১ ইং বৰ্ষৰ ১৯ জানুৱাৰীত তদানীন্তন ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা মহাবিদ্যালয় খনৰ আধাৰশিলা স্থাপন কৰাৰ পিছত ২০১২ বৰ্ষৰ পৰা ব্ৰক্ষ্মপুত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড নামৰ নিৰ্মাণ কোম্পানীৰ তত্বাৱধনাত চিকিৎসা মহাবিদ্যালয় খনৰ কাম-কাজ আৰম্ভ হৈ বৰ্তমান ৩০০ খন বিছনাৰ সুবিধাযুক্ত চিকিৎসা মহাবিদ্যালয় ৰূপে গঢ়ি উঠিছে ৷ আনহাতে ডিফু অসামৰিক চিকিৎসালয়খন ডিফু চিকিৎসা মহাবিদ্যালয়লৈ উন্নীতকৰণ কৰা হৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে ৷ জানিব পৰামতে আৰম্ভনিতে বহিঃৰ্বিভাগত চিকিৎসা মহাবিদ্যালয় খনত ২৪x৭ এম্বুলেন্স আৰু জৰুৰী সেৱাৰ লগতে ঔষধ বিভাগৰ পৰা আৰম্ভ কৰি ক্ৰমে, শল্য, প্ৰসূতি, শিশু ৰোগ, অস্থি, অংগ সংবাহন, চকু, ইএনটি,মনোৰোগ, চৰ্ম আৰু দন্ত বিভাগৰ চিকিৎসা সেৱাৰ বাবে ৰোগী সকলক পৰামৰ্শ আগবঢ়োৱা হব ৷

ইয়াৰোপৰি চিকিৎসা মহাবিদ্যালয় খনৰ পুৰণি ব্লক ডিফু অসামৰিক চিকিৎসালয়ত ২৪৭ জৰুৰী সেৱা, সকলো সেৱাৰ অ’টি, এক্সৰে, আল্ট্ৰা ছন’গ্ৰাফী, লেবেৰটৰী সেৱা আৰু ২৪x৭ এম্বুলেন্স সেৱা লগতে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ নতুন ভৱনত এক্সৰে, আল্ট্ৰা ছন’গ্ৰাফী, ফাৰ্মেচী , নমুনা সংগ্ৰহ আদিৰ সুব্যৱস্থা থাকিব ৷ ৰোগী সকলৰ চিকিৎসাৰ উৎকৃষ্ট সেৱাৰ বাবে ৪৪ গৰাকী জ্যেষ্ঠ আৰু কণিষ্ঠ চিকিৎসককে ধৰি প্ৰায় ৫৮ গৰাকী ফেকাল্টিৰ লগতে ২০৫ গৰাকী নাৰ্চ আৰু ৮৭ গৰাকী তৃতীয় বৰ্গৰ কৰ্মাচাৰী নিয়োগ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি ডিফু চিকিৎসা মহাবিদ্যালয় খনত ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত অচিৰেই কেঞ্চাৰ কেয়াৰ ইনষ্টিটিউটৰ কামো আৰম্ভ কৰা হব ৷

উল্লেখ যোগ্য যে, ডিফু চিকিৎসা মহাবিদ্যালয়খন সম্পূৰ্ণ ৰূপে হৈ উঠিলে তিনি পাৰ্বত্য জিলা ক্ৰমে, কাৰবি আংলঙ পূব আৰু পশ্চিম, ডিমা হাছাও লগতে নিকটৱৰ্তী জিলা সমূহৰ ৰোগী সকলো যথেষ্ট উপকৃত হব ৷ আনহাতে ডিফু চিকিৎসা মহাবিদ্যালয় খনত স্থানীয় প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ক্ষেত্ৰত চৰকাৰে বৈষম্য কৰিছে বুলি অভিযোগ উত্থাপন কৰি একাংশ দল- সংগঠনে যোৱা কেইদিন ধৰি সংবাদমেল আৰু প্ৰতিবাদৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আনহাতে কাইলৈ ডিফু মেডিকেল কলেজৰ বহিঃবিভাগ আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰিব অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Tags: FeaturedFeatured2karbi anglong
Share7Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
ADVERTISEMENT
Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ
National-International

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

June 29, 2026
50
IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত
National-International

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

June 29, 2026
50
Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’
Sports News

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

June 29, 2026
50
Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই
National-International

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

June 29, 2026
IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

June 29, 2026
Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx