![]()
দেশৰ নিৰ্বাচন আয়োগে (Election Commission) আজি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত গুৱাহাটীত (Guwahati) উপস্থিত হোৱা কেইবাটাও ৰাজনৈতিক দল (Political party) আৰু বিভিন্ন দল-সংগঠনৰ (Party-organization) প্ৰতিনিধিৰ বৈঠকৰ পৰৱৰ্তী সময়ত এখনি সংবাদমেল (Press meet) সম্বোধন কৰে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে (Rajiv Kumar) সমষ্টি পুনৰ নিৰ্ধাৰণ আইনৰ আধাৰতে সমষ্টি নিৰ্ধাৰণ (Determination of Constituency) প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি সংবাদমেল যোগে জানিবলৈ দিয়ে।

সংবাদ মেলত তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পূৰ্বেই আমি শুনানি গ্ৰহণ কৰিছোঁ আৰু খচৰা প্ৰকাশ হোৱাৰ পৰৱৰ্তী সময়ত পুনৰ শুনানি লোৱা হ’ব বুলি প্ৰকাশ কৰে। ৯ টা ৰাজনৈতিক দল আৰু ৬০ টা সামাজিক সংগঠনৰ সৈতে আয়োগে আলোচনা কৰাৰ সমান্তৰালকৈ আয়োগৰ কাষলৈ যাব নোৱাৰা বহুতৰে হৈ উপায়ুক্তসকলে অভিমত ৰাখিছে বুলিও জনায় ৰাজীৱ কুমাৰে।
তেওঁ কয় যে, “শুনানিৰ সময়ত উত্থাপন হোৱা বহু প্ৰশ্নকে গুৰুত্বসহকাৰে লোৱা হয়। বিগত ১৫ নৱেম্বৰ ২০২২ ত নিৰ্বাচন আয়োগক সমষ্টি পুনৰ নিৰ্ধাৰণ দায়িত্ব প্ৰদান কৰা হৈছিল। সংবিধানৰ নিয়ম অনুসৰিয়েই সমষ্টি পুনৰ নিৰ্ধাৰণ বাবে ২০০১ ৰ লোকপিয়লক ভিত্তি হিচাপে লোৱা হৈছে।” সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লেও লোকসভা আৰু বিধানসভাৰ সংখ্যা সমানেই থাকিব বুলি কয় দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীয়ে কয় যে, একেদৰে বি টি আৰ আৰু ষষ্ঠ অনুসূচীৰ সকলো নিয়ম একেই থাকিব। সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ১৫ এপ্ৰিললৈ সকলোৱে নিজা আপত্তি দাখিল কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব বুলিও জনায়।
উল্লেখ্য যে, ভৌগোলিক, ঐতিহাসিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো দিশ সামৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ’ব। ইফালে কংগ্ৰেছ সভাপতি ভূপেন বৰাই নিৰ্বাচন আয়োগে মেচ ফিক্সিং কৰা বুলি উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিয়া হয় উক্ত সংবাদমেলৰ জৰিয়তে। কৰ্ণাটকতো আমি একেই কথা শুনিছিলো যদিও আমি বিচলিত নহও বুলি প্ৰকাশ কৰে তেওঁ। আনহাতে এন আৰ চি আৰু লোকপিয়ল পৃথক বিষয় বুলি উল্লেখ কৰি তেওঁ কয় যে “এন আৰ চিত নাথাকিলেও লোকপিয়লত থকা সকল সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত থাকিব।”













