সাংসদ পদ (MP’s Post)ৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত প্ৰথম সংবাদমেলত ৰাহুল গান্ধী (Rahul Gandhi)য়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) আৰু তেওঁৰ ‘ঘনিষ্ঠ’ উদ্যোগপতি গৌতম আদানীক লৈ প্ৰশ্ন উত্থাপন কৰে। মোডী-আদানী সম্পৰ্কক (Modi-Adani Relation) লৈ সংসদত প্ৰশ্ন উত্থাপন কৰাৰ বাবে তেওঁক লক্ষ্য কৰি লোৱা বুলিও তেওঁ কয়। ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে আদানীৰ ঘনিষ্ঠ চীনা ঔদ্যোগিক কোম্পানীসমূহে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ‘অংশগ্ৰহণ’ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।
শনিবাৰে এখন সংবাদমেলযোগে ৰাহুলে কয়, “মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বিমানত তেওঁৰ ভ্ৰমণ সংগী আদানীৰ ছবি সন্দৰ্ভত এটা প্ৰশ্ন উত্থাপন কৰিলোঁ। ইয়াৰ পিছত দেশৰ বিভিন্ন বিমানবন্দৰৰ দায়িত্ব অনিয়মিতভাৱে আদানীক দিয়া হয়।”
ৰাহুলে দাবী কৰে যে মোডীৰ সৈতে আদানীৰ সম্পৰ্ক ‘দীৰ্ঘদিনীয়া’। একে সময়তে তেওঁ মন্তব্য কৰে, “কিন্তু তেওঁ (আদানি) কʼৰ পৰা আহিছিল মই নাজানো।“ ৰাহুলে কয়, “মোডীৰ ৰাজ্যৰ আদালতৰ ৰায় ব্যৱহাৰ কৰি তেওঁক সংসদৰ সদস্য হিচাপে বৰ্খাস্ত কৰিলেও মই ভয় কৰা নাই, দেশৰ স্বাৰ্থত যুঁজি থাকিম। ইমান দিনৰ পাছতো তেওঁলোকে (বিজেপি) সেই কথা বুজি পোৱা নাই।”
গুজৰাটৰ চুৰাট জিলা আদালতে বৃহস্পতিবাৰে ৰাহুল গান্ধীক ‘মোডী’ উপাধিৰ ওপৰত কৰা আপত্তিজনক মন্তব্যৰ বাবে ২ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। তাৰ আধাৰত লোকসভাৰ অধ্যক্ষ ওম বিড়লাই ভাৰতীয় সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮ নং অনুচ্ছেদ অনুসৰি শুকুৰবাৰে ৰাহুলক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰে। সংবাদমেলত ৰাহুলে দাবী কৰে, “সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ প্ৰধানমন্ত্ৰীয়ে ভয় খাইছিল। সেই কাৰণেই এইটো কৰা হ’ল।”
ৰাহুলে প্ৰশ্ন উত্থাপন কৰে যে আদানীৰ এখন প্ৰতিৰক্ষা ফাৰ্মে কেনেকৈ ৰাতিটোৰ ভিতৰতে ২০ হাজাৰ কোটি টকা পালে। কিছু মাহ পূৰ্বে শ্ৰীলংকাৰ বিদ্যুৎ বোৰ্ডৰ অধ্যক্ষই মোডীয়ে কলম্বোক হেঁচা প্ৰয়োগ কৰি আদানীক বিদ্যুৎ প্ৰকল্পটো প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
আনহাতে, ব্ৰিটেইন ভ্ৰমণৰ সময়ত বিজেপি শিবিৰে উত্থাপন কৰা অভিযোগ খণ্ডন কৰি ৱেয়নাড়ৰ প্ৰাক্তন সাংসদগৰাকীয়ে কয, “মই কোনো ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰা নাছিলৌঁ। যদি তেওঁলোকে মোক সুযোগ দিয়ে তেন্তে সংসদতো সেই বিষয়ে কʼম। কিন্তু কʼবলৈ দিয়া নহʼল। ক’বলৈ প্ৰথম চিঠিখন দিছোঁ। দ্বিতীয়খনো চিঠি পঠাইছোঁ। বক্তাজনকো লগ পালোঁ৷ কিন্তু কোৱাৰ সুযোগ নাপালোঁ।”