আমেৰিকাৰ কংগ্ৰেছৰ (U.S. Congress) ভাৰতীয় মূলৰ সদস্য ৰো খান্না (Ro Khanna)ই ৰাহুল গান্ধী (Rahul Gandhi)ৰ সাংসদ পদ (MP’s Post) প্ৰত্যাখ্যান কৰা ঘটনাক গৰিহণা দিয়ে। লগতে শাসকীয় ডেমোক্ৰেট শিবিৰৰ এইগৰাকী নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)লৈ ৰাহুলৰ সন্দৰ্ভত লোৱা সিদ্ধান্ত প্ৰত্যাহাৰ (Withdrawal) কৰিবলৈ বাৰ্তা প্ৰেৰণ (Sending message) কৰিছে।
ৰাহুল গান্ধীক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাৰ পিছতে শুকুৰবাৰে খান্নাই টুইটাৰযোগে লিখিছে, “ৰাহুল গান্ধীক সাংসদ হিচাপে বৰ্খাস্ত কৰাটো গান্ধী দৰ্শন আৰু গভীৰ ভাৰতীয় মূল্যবোধৰ প্ৰতি প্ৰতাৰণা। সেই দৰ্শন আৰু মূল্যবোধৰ বাবে মোৰ ককাই বছৰ বছৰ ধৰি কাৰাগাৰত কটালে। নৰেন্দ্ৰ মোডী, ভাৰতীয় গণতন্ত্ৰৰ স্বাৰ্থত এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ ক্ষমতা আপোনাৰ আছে।”
উল্লেখ্য, খান্নাৰ ককাক অমৰনাথ বিদ্যলংকা আছিল এজন বিশিষ্ট স্বাধীনতা সংগ্ৰামী। পৰৱৰ্তী সময়ত তেওঁ পঞ্জাব চৰকাৰৰ মন্ত্ৰী হোৱাৰ লগতে লোকসভাৰ সদস্যও হয়। কেলিফ’ৰ্ণিয়াৰ পৰা আমেৰিকাৰ প্ৰতিনিধি সদনলৈ নিৰ্বাচিত হোৱা খান্না ভাৰতীয় মূলৰ সমাজৰ অন্যতম জনপ্ৰিয় নেতা।
বৃহস্পতিবাৰে গুজৰাটৰ চুৰাটৰ আদালতে ৰাহুলক দোষী সাব্যস্ত কৰাৰ পিছতে জল্পনা-কল্পনাৰ সৃষ্টি হয়। ২৪ ঘণ্টাৰ ভিতৰতে লোকসভাৰ অধ্যক্ষ ওম বিড়লাই মোডী-মন্তব্যৰ বাবে ২ বছৰৰ কাৰাদণ্ড বিহা হোৱা ৱায়নাডৰ লোকসভা সমষ্টিৰ সাংসদজনক নিলম্বন কৰি এই জল্পনা সত্য বুলি প্ৰমাণ কৰিলে। ইতিমধ্যে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে ‘অতিক্ৰিয়াশীলতাʼৰ আঁৰত মোডী চৰকাৰৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে। এইবাৰ আমেৰিকাৰ বিধায়িনী দলৰ সদস্যগৰাকীয়েও মোডী চৰকাৰক সাংসদৰ পদ ৰাহুলক ঘূৰাই দিবলৈ অনুৰোধ জনালে।