ASSAM TIMES POST
নতুন দিল্লীঃ সৰ্বোচ্চ ন্যায়ালয়ে বুধবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত মহাৰাষ্ট্ৰৰ আস্থা ভোট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰাৰ পাছতেই মঙলবাৰে বিয়লি মুখ্যমন্ত্ৰীৰ আসনৰপৰা পদত্যাগ কৰিলে দেবেন্দ্ৰ ফাদনবিছে। এক সংবাদমেলত তেওঁ কয় যে যিহেতু এনচিপিৰ নেতা আৰু উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে পদত্যাগ কৰিলে সেয়ে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ বাবে সংখ্যগৰিষ্ঠতা প্ৰমাণ কৰাটো সম্ভৱ নহয়। অজিত পাৱাৰক সমালোচনা কৰি তেওঁ পুনৰ কয় যে পাৱাৰে পদত্যাগ কৰাতে তেওঁৰ চৰকাৰৰ পতন হ’ল।












