প্রধানমন্ত্রী নৰেন্দ্র মোদী (Narendra Modi)ৰ গৃহৰাজ্যৰ আদালতে বৃহস্পতিবাৰে ৰাহুল গান্ধী (Rahul Gandhi)ক দোষী সাব্যস্ত কৰাৰ পিছৰে পৰা বিভিন্ন জল্পনা-কল্পনা চলিছিল। ২৪ ঘণ্টাৰ ভিতৰতেই মোদী-মন্তব্যৰ ফলত ২ বছৰ জে’লৰ শাস্তি লাভ কৰা কংগ্রেছ সাংসদ ৰাহুল গান্ধীক বৰ্খাস্ত (dismissed) কৰি সেই জল্পনাই সত্য প্রমাণ কৰিলে লোকসভাৰ অধ্যক্ষ (Speaker of Lok Sabha) ওম বিড়লাই।
চুৰাট জিলা আদালতৰ (Surat District Court) ন্যায়াধীশ এইচএইচ বার্মাই অৱশ্যে ২ বছৰৰ জে’লৰ (2 yrs Jail) শাস্তি ঘোষণাৰ লগতে ৰাহুলক ১০ হাজাৰ টকাৰ জামিনত মুক্তি (Released on bail of Rs 10,000) দি ৩০ দিনৰ ভিতৰত উচ্চতৰ আদালতত আপিল (Appeal in High Court within 30 days) কৰাৰ অনুমতি দিয়ে। কিন্তু দোষী সাব্যস্ত কৰাৰ ওপৰত কোনো স্থগিতাদেশ দিয়া নাই তেওঁ। ফলত আইন মতেই ‘দোষী’ ৰাহুলক বৰ্খাস্ত কৰিছে অধ্যক্ষই। ঠিক যেনেদৰে দুমাহ পূৰ্বে হত্যাৰ চেষ্টাৰ অপৰাধত ১০ বছৰ জে’লৰ শাস্তি পোৱা লাক্ষদ্বীপৰ এনচিপি সাংসদ মহম্মদ ফয়জলক লোকসভাৰ পৰা বৰ্খাস্ত কৰিছিল তেওঁ।

কিন্তু ইতিমধ্যেই লাক্ষদ্বীপৰ নিম্ন আদালতৰ উক্ত ৰায়ৰ ওপৰত স্থগিতাদেশ দিছে কেৰালা হাইকোর্ট। কেৱল জে’লযাত্রা ৰোধ কৰাই নহয়, দোষী ঘোষণাৰ ওপৰতো আছিল সেই স্থগিতাদেশ। লগতে তেওঁৰ সদস্যপদ ঘূৰাই দিয়াৰ বাবে লোকসভা সচিবালয়ক নির্দেশ দিয়ে কেৰালা হাইকোর্ট। ফলত সাংসদ পদ ঘূৰাই পাবলৈ আগবাঢ়িছে ফয়জল (যদিও ‘তাৎপর্যপূর্ণভাবে’ কেৰালা হাইকোর্টৰ উক্ত নির্দেশৰ পিছতো এই পর্যন্ত ফয়জলক সাংসদ পদ ঘূৰাই দিয়া হোৱা নাই)।
একেদৰে উচ্চতৰ আদালতে যদি চুৰাট জিলা আদালতৰ সামগ্রিক ৰায়ৰ (দোষী ঘোষণা আৰু ২ বছৰৰ জে’লৰ শাস্তি) ওপৰত স্থগিতাদেশ দিয়ে আৰু কেৰালা হাইকোর্টৰ দৰে নির্দেশিকা জাৰি কৰে, তেন্তে ৰাহুলৰ পক্ষেও সাংসদ পদ ঘূৰাই পোৱাটো সম্ভব হ’ব পাৰে।
অৱশ্যে শুকুৰবাৰে চৰকাৰী পক্ষৰ নজিৰবিহীন তৎপৰতা দেখি বিৰোধী নেতাসকলে অনুমান কৰিছে, দ্রুততাৰে ওয়েনাড়ত উপনির্বাচন প্রক্রিয়া আৰম্ভ কৰা হ’ব পাৰে। যদিও উচ্চ আদালতে ইচ্ছা কৰিলে সেই প্রক্রিয়াৰ ওপৰতো স্থগিতাদেশ দিব পাৰে।