‘মোডী’ উপাধিৰ (‘Modi’ title) ওপৰত আপত্তিজনক মন্তব্য (Objectionable comments) কৰাৰ অপৰাধত দুবছৰৰ কাৰাদণ্ডৰ (Two years in jail) শাস্তি লাভ কৰা ৰাহুল গান্ধীক (Rahul Gandhi) পদৰ পৰা বৰ্খাস্ত (Dismissed) কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই (Speaker Om Birla)। এই কথা শুকুৰবাৰে লোকসভা সচিবালয়ে অৱগত কৰে।
এনে পৰিস্থিতিত শুকুৰবাৰে কংগ্ৰেছে নৰেন্দ্ৰ মোডী চৰকাৰক ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আন বিৰোধী দলৰ সৈতে আন্দোলন আৰম্ভ কৰে। শুকুৰবাৰে দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে ১২টা বিৰোধী দলৰ নেতাৰ সৈতে বৈঠকত মিলিত হয়। বাওঁপন্থীৰ লগতে জেডি (ইউ), ডিএমকে, অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিয়েও এই বৈঠকত উপস্থিত থাকে। ইয়াৰ পিছত তেওঁলোকে সংসদ ভৱনৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা কৰে।