কাৰ্বি আংলং (Karbi Anglong) জিলাৰ মাজেৰে নিৰ্মাণ হৈ থকা চাৰিলিনযুক্ত পথ (four-lane road) নিৰ্মাণত বিয়াগোম ভূমি কেলেংকাৰী (Land Scam) সংঘটিত হোৱাৰ লগতে এই কেলেংকাৰীত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) এগৰাকী কাৰ্যবাহী সদস্য আৰু মুখ্য কাৰ্যবাহী সদস্যক (Executive Member and Chief Executive Member) সাঙুৰি লোৱা কাৰ্যক উদ্দেশ্য প্ৰণোদিত আখ্যা দি কাৰ্বি আংলং জিলা বিজেপি (BJP)য়ে আজি এখন সংবাদমেল আয়োজন কৰে।
জিলা বিজেপিৰ সভাপতি ৰলেণ্ড কিলিং (Roland Killing) আৰু ৰাজ্যিক এছ.টি. মৰ্চাৰ সম্পাদক লংছিং টকবি (Longsing Tokby)য়ে সম্বোধন কৰা সংবাদমেলত (Press meet) একাংশ লোকে মিছা তথ্যৰ ওপৰত ভিত্তি কৰি এই পথ নিৰ্মাণত অনিয়ম হোৱাৰ অভিযোগ তোলা বুলি দাবী কৰে।
সংবাদমেলযোগে জিলা সভাপতি কিলিঙে কয় যে- চাৰিলিনযুক্ত পথ নিৰ্মাণত বিশেষকৈ চৰকাৰী মাটি দখল কৰি ক্ষতিপূৰণ লোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত আমি ক’ব বিচৰো যে চৰকাৰী কাৰ্যালয়ৰ ক্ষেত্ৰত যি বিভাগৰ ভূমি অধিগ্ৰহণ কৰা হৈছে সেই বিভাগেহে ক্ষতিপূৰণৰ ধন লাভ কৰিব। যদি কিবা অনিয়ম হৈছে তেনেহ’লে এই ক্ষেত্ৰত পৰিষদৰ ভূমি অধিগ্ৰহণ সম্পৰ্কীয় বিভাগীয় কতৃপক্ষ আছে আৰু তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব।

এতিয়ালৈকে কোনো বিজেপি নেতাই ভয়-ভাবুকিৰে কোনো ক্ষতিগ্ৰস্ত লোকৰ ভূমি দখল কৰাৰ অভিযোগ চৰকাৰীভাৱে লাভ নকৰা বুলিও দাবী কৰি ব্যক্তিগতভাৱে কোনো ব্যক্তিয়ে এনে দাবী কৰা নাই বুলি উল্লেখ কৰে। এয়া কেৱল দুষ্টচক্ৰৰ প্ৰচাৰ বুলি অভিহিত কৰে জিলা সভাপতিগৰাকীয়ে। লংছিং টকবিয়ে উল্লেখ কৰে যে মহাজন ক্ৰ’ নামৰ ব্যক্তিগৰাকীয়ে তথ্যহীন অভিযোগ উত্থাপন কৰি কৈছে যে শিলভেটা ৰিজাৰ্ভৰ মাটিত ১৯৭৫ চনতে মাটিৰ পট্টা আছে আৰু তেওঁলোক ক্ষতিপূৰণৰ পৰা বঞ্চিত হৈছে।
এই সন্দৰ্ভত অসম চৰকাৰে প্ৰকাশ কৰা গোজেট নটিছ প্ৰদৰ্শন কৰি টকবিয়ে কয় যে, ৩০ জানুৱাৰী ১৯৭১ চনত জিলা পৰিষদ ৰিজাৰ্ভ ফৰেষ্ট ঘোষণা কৰিছিল। তেতিয়া কোনো চৰকাৰী বিষয়াই অকতৃত্বশীলভাৱে যদি কাৰোবাক মাটিৰ পট্টা প্ৰদান কৰিছিল তেনেহ’লে এতিয়াৰ পৰিষদৰ নেতৃবৰ্গ কেনেদৰে দোষী হ’ল বুলিও দাবী কৰে।
এইক্ষেত্ৰত কোনো যদি ব্যাক্তিয়ে সঁচা অৰ্থত তেওঁৰ পট্টা মাটিৰ বিপৰীতে ক্ষতিপূৰণ লাভ কৰা নাই তেনে ব্যক্তিক জিলা বিজেপিক অভিযোগ দিয়াৰ আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত জিলা বিজেপিয়ে সকলো প্ৰকাৰৰ সহযোগীতা কৰিবলৈ সাজু আছে বুলিও দাবী কৰে।
চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত এতিয়ালৈকে ৪৯৫ কোটি টকা ক্ষতিপূৰণৰ নামত আৱণ্টন দিয়া হৈছে আৰু ৪৭০ কোটি টকাৰ ওপৰত ক্ষতিপূৰণ কৰা হ’ল আৰু এয়া সম্পূৰ্ণ তথ্যৰ ওপৰত ভিত্তি কৰি আমি প্ৰকাশ কৰিছোঁ।কিছু সংখ্যক লোকে ক্ষতিপূৰণ লাভ কৰা নাই যিহেতু হাইকোৰ্টত গোচৰ চলি থকাৰ বাবে।
ইপিনে, পৰিষদৰ কিছু বিষয়াই এই দুষ্টচক্ৰক বে-আইনীভাৱে ভুল তথ্য প্ৰদান কৰা বুলি অভিযোগ আনি এনে বিষয়াৰ বিৰুদ্ধে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও টকবিয়ে সদৰি কৰে। আনহাতে, জিলাখনৰ এগৰাকী আৰটিআই কৰ্মী মোহন ৰংপিয়ে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে তেওঁক মাৰিবৰ বাবে তিনিবাৰ কোনো ব্যক্তিক প্ৰেৰণ কৰাৰ যি অভিযোগ আনিছে সেই সন্দৰ্ভত কয় যে ৰংপিয়ে ২৪ ঘন্টাৰ ভিতৰত সেই ব্যাক্তিৰ নাম প্ৰকাশ কৰিব লাগিব অন্যথা ৰংপিৰ বিৰুদ্ধে জিলা বিজেপিয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব।