আজি ডিব্ৰুগড়ত (Dibrugarh) আয়োজিত এক সংবাদ মেলত (Press Conference) অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে (G p Singh) বাল্য বিবাহৰ (Child Marriage) ক্ষেত্ৰত কঠোৰ পদক্ষেপ লোৱাৰ সমান্তৰালকৈ আৰক্ষী এই বিষয়টোত দায়িত্ব সহকাৰে কাম কৰি যাব বুলি উল্লেখ কৰে।
উল্লেখ্য যে, বাল্য বিবাহৰ সন্দৰ্ভত বৰ্তমানলৈকে পঞ্জীয়ন হোৱা ৪ লাখ গোচৰৰ ৮০০০ গোচৰৰ সন্দৰ্ভত ন্যায়ালয়ত অভিযোগ নামা দাখিল কৰিব সক্ষম হৈছে। আনহাতে, পঞ্জীভূত গোচৰ সমূহ আগন্তুক এপ্ৰিল মাহৰ ভিতৰত তদন্ত কৰিবলৈ প্ৰতিখন আৰক্ষী থানাক নিৰ্দেশ দিয়া হ’ব বুলি আৰক্ষী প্ৰধান গৰাকীয়ে জানিবলৈ দিয়ে। সমান্তৰালকৈ, অহা ২৩, ২৪, ২৫ মাৰ্চত ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া জি-২০ অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত জিলা উপায়ুক্ত আৰু অন্যান্য বিষয়া সকলৰ পৰা বিতংভাৱে জি পি সিঙে বুজ লয়। আগন্তুক ডিব্ৰুগড়ৰ জি-২০ অধিৱেশন খনি সুন্দৰকৈ অনুষ্ঠিত হ’ব বুলি আশা প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।
এই আন্তৰ্জাতিক পৰ্যায়ৰ অনুষ্ঠানখনে ডিব্ৰুগড়বাসীক সুবিধা প্ৰদান কৰাৰ লগতে জিলাখনৰ ৰাইজ এক গৌৰৱময় মুহূৰ্তৰ সাক্ষী হৈ ৰ’ব বুলি তেখেতে মন্তব্য কৰে। আনহাতে, আলফাৰ সৈনিক দিৱসৰ বিষয়ে উল্লেখ কৰি তেখেতে কয় যে, বৰ্তমানলৈকে ক”তো কোনো কূটাঘাতমূলক ঘটনা সংঘটিত নাই যদিও উজনি অসমৰ আৰক্ষী অধীক্ষক সকলক উগ্ৰপন্থীৰ কাৰ্যকলাপৰ লগতে ধন দাবীৰ ওপৰত চোকা নজৰ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। অসম আৰু নাগালেণ্ডৰ আৰক্ষী সৈতে সহযোগিতাৰে আৰু সেনাপতি চি আৰ পি এফৰ সহযোগত আৰক্ষীয়ে উগ্ৰপন্থী বিৰুদ্ধে যুঁজ দিবলৈ সাজু বুলিও তেওঁ উল্লেখ কৰে।