উত্তৰ প্ৰদেশ (Uttar Pradesh)ত পুনৰ পোহৰলৈ আহিল দলবদ্ধ ধৰ্ষণৰ (Gang rape) অভিযোগ। দুই নাবালিকাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে ৬ জনৰ বিৰুদ্ধে। উত্তৰ প্ৰদেশৰ ফতেপুৰ (Fatepur) জিলাৰ হোছেইনগঞ্জ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। মঙলবাৰে এই ঘটনা পোহৰলৈ আহে।
আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰ সিঙে কয় যে নাবালিকা দুজনী মেলালৈ গৈছিল। তাৰ পৰা উভতি অহাৰ পথত দলবদ্ধ ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। ৬ জন অভিযুক্তক গ্ৰেপ্তাৰ (Arrested) কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
কিছুদিন পূৰ্বে ৰাজ্যখনত আন এক দলবদ্ধ ধৰ্ষণৰ অভিযোগ পোহৰলৈ আহিছিল। ৫ মাৰ্চত আলিগড় অঞ্চলত এগৰাকী ১৫ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। অভিযুক্ত তেওঁৰ গাঁৱৰ ৫ জন যুৱক। ইয়াৰ পূৰ্বে ৩ মাৰ্চত উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ আন এটা অঞ্চলত ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল ৩ জন যুৱকৰ বিৰুদ্ধে।
নাবালিকা ককাকৰ ঘৰৰ পৰা ঘৰলৈ উভতি আহিছিল। সেই সময়ত ৩ জন যুৱকে তেওঁৰ বাট ভেটি ধৰিছিল। এই ঘটনাৰ ৩জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আনহাতে, এইবাৰ ফতেপুৰ জিলাত দলবদ্ধ ধৰ্ষণৰ আন এক অভিযোগ পোহৰলৈ আহে।
বিগত সময়ত উন্নাও, হাথৰাছ, লখিমপুৰ খেৰীৰ ঘটনাই উত্তৰ প্ৰদেশৰ ৰাজনীতিক আলোড়িত কৰিছিল। শেহতীয়াকৈ হাথৰাছ কাণ্ডত ৪ জন অভিযুক্তৰ ভিতৰত ৩ জনক দোষমুক্ত কৰা হৈছে। এজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়া হৈছে।