বিদ্যালয় চৌহদ (School Campus)ৰ পৰা অষ্টম শ্ৰেণী (8th Standrad)ৰ এগৰাকী ছাত্ৰীক অপহৰণ (Student abducted) কৰাৰ পিছত আন এখন বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ আৰু বিদ্যালয় ত্যাগ কৰা এজন যুৱকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ (Gang rape allegations) উত্থাপন হয়। কেৱল ধৰ্ষণেই নহয়, অভিযুক্তই ছাত্ৰীগৰাকীৰ ভিডিঅʼ লৈ ছচিয়েল মিডিয়াতো প্ৰচাৰ কৰে।

আনকি ছাত্ৰীগৰাকীক এই ঘটনাৰ বিষয়ে কাৰোবাক কʼলে হত্যা কৰাৰো ভাবুকি দিয়ে। ফলত এই ঘটনাৰ বিষয়ে ঘৰত থকা কাকো অৱগত কৰাৰ সাহস নাছিল ছাত্ৰীগৰাকীৰ। যোৱা বছৰৰ ১৮ ডিচেম্বৰত হাৰিয়ানাৰ গুৰুগ্ৰামৰ (Gurugram in Haryana) চোহনা অঞ্চলত সংঘটিত হৈছিল এই ঘটনা।
শুকুৰবাৰলৈকে কিশোৰীগৰাকীৰ পৰিয়ালক এই বিষয়ে অৱগত কৰা হোৱা নাছিল। তেওঁৰ আপত্তিজনক ভিডিঅ’ ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ কথা জানিব পাৰি শনিবাৰে তেওঁ পিতৃ-মাতৃৰ আগত সমগ্ৰ ঘটনাটো প্ৰকাশ কৰে। ইয়াৰ পিছতে ছোৱালীজনীৰ পিতৃ-মাতৃয়ে তিনিজন কিশোৰৰ নামত দলবদ্ধ ধৰ্ষণৰ অভিযোগ আৰক্ষীত দাখিল কৰে।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ১৮ ডিচেম্বৰত ছাত্ৰীগৰাকীয়ে বিদ্যালয়ত খেলা-ধূলা কৰি আছিল। সেই সময়ত ছাত্ৰীগৰাকীক অপহৰণ কৰিছিল তিনিজন কিশোৰে। ইয়াৰ পিছত তেওঁক এটা পাহাৰীয়া অঞ্চললৈ লৈ যোৱা হয়। অভিযোগ অনুসৰি, তাত তিনিওজনে ধৰ্ষণ কৰে। তেওঁৰ আপত্তিজনক ভিডিঅ’ লৈ ছচিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ লগতে মৃত্যুৰ ভাবুকিও দিয়ে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত দুজন অন্য বিদ্যালয়ত একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি আছিল। তৃতীয়জন স্কুল ত্যাগ কৰা। আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত তালাচী চলায়। কিন্তু তেওঁলোকৰ সন্ধান পোৱা নগʼল।
গুৰুগ্ৰামৰ উপ-আৰক্ষী আয়ুক্ত উপাসনা সিঙে কয়, “অভিযুক্তক চিনাক্ত কৰা হৈছে। শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হʼব তেওঁলোকক। অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৬৩ (অপহৰণ), ৩৭৬-ডি (১৬ বছৰৰ তলৰ মহিলা ধৰ্ষণ) আৰু POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।”