খটখটী (Khatkhati)ত আৰক্ষী-চিআৰপিএফ (Police-CRPF)ৰ যৌথ তালাচীত প্ৰায় ২৫ কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ’ইনসহ আটক এটা সৰবৰাহকাৰী।
অসম-নাগালেণ্ড সীমান্ত (Assam-Nagaland Border)ত আজি উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰ’ইন (Heroin)৷
শনিবাৰে অসম-নাগালেণ্ড সীমান্তৰ খটখটী আৰু শুকানজান (Sukanjan)ত আৰক্ষীৰ অভিযানত উদ্ধাৰ (Rescued) হৈছিল বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ (Drugs)৷
অসম-নাগালেণ্ড সীমান্তঞ্চলত নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ ফলত আজি পুৱাৰ ভাগতে খটখটীত পুনৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰ’ইন ৷
প্ৰাপ্তখবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী ((Bokajan Police) বিষয়া জন দাস (Jone Das)ৰ নেতৃত্বত আৰু খটখটী থানাৰ অ’ চি ৰমেন বৰদলৈ (Ramen Bordoloi), থানা ষ্টাফ লগতে বোকাজানৰ C 20 চিআৰপিএফৰ সহযোগত খটখটী এছ বি আই বেঙ্কৰ সন্মুখত নাকা তালাচী বহোৱা হয় ৷
উক্ত সময়তে ডিমাপুৰৰ পৰা আহি থকা বগা ৰঙৰ AS-09-J-4746 পঞ্জীয়ন নম্বৰৰ এখন বলেৰ’ বাহনত তালাচী চলাই উদ্ধাৰ কৰা হয় বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰইন৷
সৰবৰাহকাৰী বলেৰ’ বাহনখনৰ মুধচক কৌশলগতভাৱে গোপন চেম্বাৰ নিৰ্মান কৰি লুকুৱাই সৰবৰাহৰ চেষ্টা কৰিছিল হেৰইনখিনি৷
তালাচী কালত বাহনখনৰ পৰা অভিযানকাৰী দলটোৱে ৩৯০টা চাবোনৰ বাকচত প্ৰায় পাঁচ কেজি (Five KG) ওজনৰ সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে কয় যে উদ্ধাৰ হোৱা হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ কোটি টকা হ’ব ৷
সন্দেহযুক্ত হেৰইনখিনিৰ সৈতে অভিযানকাৰী দলটোৱে হোজাই জিলাৰ ৪১ বছৰীয়া ফুজেল আহমেদক আটক কৰিবলৈ সক্ষম হৈছে ৷
অধিক তথ্যৰ বাবে ধৃত ফিজুল আহমেদক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানি পৰা গৈছে ৷