ASSAM TIMES POST
ডিফু : পূব আৰু পশ্চিম কাৰবি আংলঙৰ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আজি পুৱা ডিফুৰ ৰংখেলান স্থিত চিটি বৰ্ডৰ কাষত জিলা সমিতিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত অসমৰ জাতীয় বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তীটো লাচিত দিৱস হিচাপে পালন কৰা হয় ৷ এই উপলক্ষে দেওবাৰে পুৱা কাৰবি আংলং জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন কৰে সভাপতি দাদুল সেনাপতিয়ে ৷
বন্তি প্ৰজলন কৰে সভাপতি দাদুল সেনাপতি আৰু সম্পাদক মনেশ্বৰ বে’ই ৷ নেতা দুগৰাকীক অনুসৰণ কৰি অন্যান্য বিষয়ববীয়াই জাতীয় বীৰ গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক মনেশ্বৰ বে’ই ৷ দাদুল সেনাপতিৰ পৌৰুহিত্যত অনুষ্ঠিত সভাত বিভিন্ন বক্তাই জাতীয় বীৰ জনৰ জীৱনাদৰ্শ, ত্যাগ আৰু বীৰত্বৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় লগতে বক্তা সকলে নৱ প্ৰজন্মক লাচিতৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আপোছ বিহীন ভাবে দেশ তথা জাতি ৰক্ষাৰ শেষ ৰণ খনত জঁপিয়াই পৰাৰ আহ্বান জনায় ৷ ইয়াৰোপৰি যুৱ পৰিষদৰ বিষয়া মনোজ কুমাৰ শৰ্মাৰ জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদলৈ আগবঢ়োৱা সেৱাৰ বাবে আজিৰ সভাই বিশেষভাবে শলাগ লয় ৷৷