![]()
মহাকাশত প্ৰায় ১২ বছৰ বিচৰণ কৰিছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক (ISRO) অবিৰতভাৱে প্ৰদক্ষিণ কৰি তথ্য প্ৰদান কৰি আহিছে। কিন্তু শেহতীয়াকৈ ইছৰোৰ কৃত্ৰিম উপগ্ৰহ মেঘ ট্ৰপিকছ-১ৰ (Megha-Tropiques-1) কাৰ্যক্ষমতা হেৰুৱাই পেলাইছে। গতিকে পুনৰ পৃথিৱীলৈ আনি ধ্বংস কৰা হʼল।

ইছৰোৰ বিজ্ঞানীসকলে মঙলবাৰে মহাকাশৰ পৰা MT-1 উপগ্ৰহ পুনৰ পৃথিৱীৰ বায়ুমণ্ডললৈ সফলতাৰে আনিছিল। ইয়াৰ পিছত আকাশতেই জ্বলাই ছাই কৰি পেলোৱা হয়। ইছৰোৰ সূত্ৰ অনুসৰি, বংগ উপসাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ ওপৰত দুটা পৰ্যায়ত ধ্বংস কৰা হৈছিল উপগ্ৰহটো।
২০১১ চনৰ অক্টোবৰ মাহত ইছৰো আৰু ফ্ৰান্সৰ মহাকাশ সংস্থা চিএনইএছৰ দ্বাৰা কৃত্ৰিম উপগ্ৰহ এমটি-১ উৎক্ষেপণ কৰা হৈছিল। এই কৃত্ৰিম উপগ্ৰহটোৱে এক দশকৰো অধিক সময় ধৰি গ্রীষ্মমণ্ডলীয় বতৰ আৰু জলবায়ু পৰিৱর্তনৰ সফল নিৰীক্ষণ কৰি আহিছে৷ কিন্তু কাৰ্যক্ষমতা হেৰুৱাৰ বাবে ৰাষ্ট্ৰসংঘৰ আন্তঃসংস্থা মহাকাশ ধ্বংসাৱশেষ সমন্বয় সমিতিৰ (UNIADC) মহাকাশযানৰ ধ্বংসাৱশেষ সংক্ৰান্ত নিৰ্দেশ অনুসৰণ কৰি ইয়াক ধ্বংস কৰা হয়।













