ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলং : পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ ১ নং দোৱাৰ আমলা সমষ্টিৰ অন্তৰ্গত টেংকেৰালাংছ’ত আজি ‘আৰলংকুন্দু ইক-টুৰিজিম পাৰ্ক’ৰ শুভ উদ্বোধন কৰে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য্য ঢেকিয়াল ফুকনে ৷ স্থানীয় পৰিষদীয় সদস্য প্ৰভাত চন্দ তাৰ’ৰ বলিষ্ঠ নেতৃত্বত নিৰ্মাণ কৰা এই পাৰ্কখনে কাৰ্বি আংলঙৰ লগতে অসম বা অনান্য ৰাজ্যৰ পৰা অহা পৰ্যটকক আকৰ্ষিত কৰিব আৰু ইয়াৰ জৈৱ-বৈচিত্ৰৰ তাক প্ৰচাৰ আৰু প্ৰসাৰ কৰিব বুলি জানিবলৈ দিয়ে ৷ তাৰোপৰি প্ৰকৃতিৰ পৰিবেশ সুৰক্ষিত কৰাৰ লগতে মনোৰঞ্জনৰো আশা কৰে তাৰ’ৱে ৷
প্লাষ্টিক বৰ্জনৰ লগতে কাংঠিলাংছ’ৰ অভি-নীল দৰে ঘটনা পুনৰাই নহওঁক তাৰ বাবে সচেতনতা অৱলম্বন কৰিবৰ বাবে সময়ে-সময়ে ইয়াত এক সজাগতা সভাৰ আহ্বান কৰা কথা উল্লেখ কৰে স্থানীয় পৰিষদীয় সদস্যগৰাকীয়ে ৷ দেওবাৰৰ এই শুভাৰম্ভনি অনুষ্ঠানৰ প্ৰাকমুহুৰ্তত নাৰিকল ভঙাৰ লগতে হিন্দু ধৰ্মীয় পূজা-পাতলেৰে অনুষ্ঠানৰ আৰম্ভ কৰা হয় ৷ স্থানীয় ৰাইজে ‘আৰলংকুন্দু ইক-টুৰিজিম পাৰ্ক’ৰ আৰু অধিক উন্নয়নৰ বাবে কাৰ্যবাহী সদস্য মাধুৰ্য্য ঢেকিয়াল ফুকনৰ জৰিয়তে পৰ্য্যটন বিভাগলৈ এক চাৰিদফীয়া স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য যে দেওবাৰৰ এই অনুষ্ঠানত মাধুৰ্য্য ঢেকিয়াল ফুকনৰ ওপৰিও, পৰিষদীয় সদস্য প্ৰভাত চন্দ্ৰ তাৰ’, পৰ্যটন বিভাগৰ অধ্যক্ষ শিল্পীশিখা চিৰিং, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ অধ্যক্ষ কাংজাং তেৰাং প্ৰমুখ্যে বিজেপি দলৰ একাংশ নেতাকৰ্মী আৰু স্থানীয় ৰাইজ আৰু বিভিন্ন ঠাইৰ পৰা পৰ্যটকো উপস্থিত থাকে ৷