![]()
আবকাৰী দুৰ্নীতিৰ গোচৰত সোমবাৰে আদালতে তেওঁক ২০ মাৰ্চলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। সোমবাৰৰ পৰা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ (Manish Sisodia) ঠিকনা হৈছে তিহাৰ জে’লৰ (Tihar jail) ১০x১৫ বৰ্গফুটৰ একক কোঠা।

আবকাৰী দুৰ্নীতিৰ গোচৰত চিবিআয়ৰ (CBI) ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল ছিছোদিয়াক। ইয়াৰ পিছত ৭ দিন চিবিআইৰ জিম্মাত আছিল। সোমবাৰে ছিছোদিয়াক ৰাউছ এভিনিউ আদালতত হাজিৰ কৰোৱাৰ সময়ত চিবিআয়ে ছিছোদিয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ বাবে আবেদন জনাইছিল। সেই আবেদনৰ উত্তৰত আদালতে ছিছোদিয়াক ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে। তেতিয়াৰ পৰাই দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ঠিকনা হৈছে তিহাৰৰ জে’ল নং ১।
তিহাৰৰ ১ নম্বৰ জে’লখনেই আটাইতকৈ পুৰণি। ছিছোদিয়াক ৰখা কোঠাটোত তেওঁ অকলে থাকিব। সেই কোঠাত আন কোনো দোষী বা অপৰাধী থাকিবলৈ দিয়া হোৱা নাই। তেওঁক ৰখা হৈছে ৯ নম্বৰ ৱাৰ্ডত। দিল্লীৰ উপ-মুখ্যমন্ত্ৰীক ভৰ্তি কৰা ১ নং জে’লত আছে কুখ্যাত গেংষ্টাৰ সুনীল মান ওৰফে টিল্লু। তেওঁ কুখ্যাত টিল্লু গেঙৰ (Tillu Gang) মুৰব্বী। ইয়াৰ বাহিৰেও আছে গেংষ্টাৰ নাছিৰ, যোগেশ ওৰফে টুণ্ডা (Tunda)। এই টুণ্ডা কুখ্যাত গগী গেঙৰ শ্বাৰ্পশ্বুটাৰ।
সোমবাৰে বিয়লি ছিছোদিয়াক তিহাৰ কাৰাগাৰলৈ লৈ যোৱা হয়। জে’লৰ এজন বিষয়াই কয়, “ছিছোদিয়াৰ শাৰীৰিক পৰীক্ষা কৰা হৈছে। জে’লৰ চিকিৎসকে কয় যে তেওঁ সুস্থ। ইয়াৰ পিছতে মেডিকেল ৰিপোৰ্ট জে’ল অধীক্ষকলৈ প্ৰেৰণ কৰা হয়।” ছিছোদিয়াক ৰখা কোঠাটোৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত্বত দিল্লীৰ আম আদমি পাৰ্টিৰ নেতা সত্যেন্দ্ৰ জৈন ৭ নং জে’লৰ এটা কোঠাত আছে। অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত বিগত ৯ মাহ ধৰি তিহাৰ কাৰাগাৰত বন্দী হৈ আছে সত্যন্দ্ৰ। ৰাজনৈতিক মহলে দাবী কৰিছে যে ছিছোদিয়া আৰু জৈন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ‘সোঁ আৰু বাওঁহাত’। কেৱল সেয়াই নহয়, জৈন আৰু ছিছোদিয়া ইজনে সিজনৰ ঘনিষ্ঠ।
জে’লৰ সূত্ৰ অনুসৰি, সোমবাৰে সন্ধিয়া ৬ বজাৰ পৰা সন্ধিয়া ৭.৩০ বজাৰ ভিতৰত ছিছোদিয়াক ৰুটি, দাইল আৰু আলু-মটৰৰ তৰকাৰী খাবলৈ দিয়া হৈছিল। লগত লৈ অহা নিজৰ কিছু কাপোৰৰ উপৰি ছিছোদিয়াক প্ৰথম নিশাৰ বাবে কাৰাগাৰৰ কাপোৰো দিয়া হৈছে। শুবলৈ ২ খন কম্বল আৰু এখন বিছনা চাদৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি তেওঁক দিয়া হৈছে ‘স্পৰ্শ কিট’। যʼত টুথপেষ্ট, চাবোন, টুথব্ৰাছ আৰু দৈনন্দিন প্ৰয়োজনীয় কিছুমান সামগ্ৰী অন্তৰ্ভুক্ত আছে।










