ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Nagaon I নগাঁও কলেজ আৰু পৌৰসভাৰ প্ৰাকৃতিক ৰঙেৰে ফাকুৱা উৎসৱ উদযাপনৰ সজাগতামূলক কাৰ্যসূচী

জিতেন বৰকটকী:নগাঁও

ASSAM TIMES POST by ASSAM TIMES POST
March 6, 2023
Reading Time: 1 min read
A A
0
Nagaon I নগাঁও কলেজ আৰু পৌৰসভাৰ প্ৰাকৃতিক ৰঙেৰে ফাকুৱা উৎসৱ উদযাপনৰ সজাগতামূলক কাৰ্যসূচী

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

ৰঙৰ উৎসৱ ফাকুৱাৰ প্ৰাক ক্ষণত নগাঁও(Nagaon) কলেজ (অট’নমাচ) ৰ ইক’ক্লাব আৰু এন.এছ. এছ গোটৰ উদ্যোগত আৰু আভ্যন্তৰীণ মানদণ্ড কোষৰ সহযোগত আজি কলেজ চৌহদত হালধী গুড়ি, জেতুকাৰ গুড়ি, নাৰ্জি ফুলৰ ৰঙ, পিঠাগুড়ি, বীট, গাজৰ আদিৰ পৰা ৰং প্ৰস্তুত কৰি ‘দৌল উৎসৱ’ৰ এক সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হয়।

ফাকুৱা উৎসৱ
ফাকুৱা উৎসৱ উদযাপনৰ সজাগতামূলক কাৰ্যসূচী:

এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰায় ডেৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে মানৱ শৃংখল সৃষ্টি কৰি ৰাসায়নিক পদাৰ্থৰে প্ৰস্তুত কৰা আবিৰ ব্যৱহাৰৰ পৰিৱৰ্তে প্ৰাকৃতিক ৰঙেৰে ফাকুৱা উৎসৱ পালন কৰিব বুলি শপত গ্ৰহণ কৰে। উল্লেখ্য যে আজিৰ এই সজাগতামূলক কাৰ্যসূচীত নগাঁও পৌৰসভাৰ প্ৰতিনিধি উপস্থিত থাকি সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক কৰ্মচাৰীৰ মাজত বাঁহৰ ফিচকাৰী আৰু প্ৰাকৃতিক ৰং বিতৰণ কৰে।

নগাঁও কলেজৰ এন.এছ.এছৰ কাৰ্যসূচী বিষয়া ড: ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা সজাগতামূলক কাৰ্যসূচীত অধ্যক্ষ ড: শৰৎ বৰকটকীয়ে আদৰণী ভাষণ প্ৰদান কৰে। ভাষণত ড: বৰকটকীয়ে নগাঁও কলেজৰ এই ব্যতিক্ৰমী কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ যোগেদি সমাজলৈ ৰাসায়নিকভাৱে প্ৰস্তুত কৰা আৱিৰৰ পৰিৱৰ্তে প্ৰাকৃতিক ৰঙেৰে ফাকুৱা উৎসৱ উদযাপনৰ বাৰ্তা কঢ়িয়াই লৈ যাব বুলি আশা প্ৰকাশ কৰে।

আজিৰ এই সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে কলেজ চৌহদৰ পৰা ‘প্ৰাকৃতিক ৰঙেৰে ফাকু খেলক আহক’ এক বাৰ্তা প্ৰেৰণ কৰিব বিচৰা হৈছে । অনুষ্ঠানটোৰ আঁত ধৰি ড: ভুৱন চুতীয়াই। ড: চুতীয়াই উপস্থিত সকলোকে ৰাসায়নিকভাৱে প্ৰস্তুত কৰা আবিৰ ব্যৱহাৰ নকৰাৰ শপত বাক্য পাঠ কৰায়। ইক’ক্লাবৰ সমন্বয়ক ড: প্ৰান্তিক শৰ্মা বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলক থলুৱাভাৱে অতি সহজে প্ৰাকৃতিক ৰং প্ৰস্তুতকৰণৰ ওপৰত ব্যাখ্যা আগবঢ়ায়।

আজিৰ এই সজাগতামূলক অনুষ্ঠানত নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰে ছাত্ৰ-ছাত্ৰীসকলক প্ৰাকৃতিকভাৱে প্ৰস্তুত ৰঙ সানি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰাকৃতিকভাৱে প্ৰস্তুত আবিৰ সানি আনন্দ-উল্লাস প্ৰদৰ্শন কৰে। অনুষ্ঠানত উপস্থিত থাকি পৌৰ সভাৰ উপ পৌৰপতি সীমান্ত বৰাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বাঁহেৰে নিৰ্মিত ফিচকাৰী বিতৰণ কৰি কয় যে নগাঁও পৌৰসভাৰ সহযোগত নগাঁও কলেজৰ এই ব্যতিক্ৰমী প্ৰয়াসে সমাজৰ বাবে এক ইতিবাচক বাৰ্তা কঢ়িয়াই লৈ যাব। উপ পৌৰপতি গৰাকীয়ে নগাঁও পৌৰসভাই উন্নয়নৰ সমানেই স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহা বুলিও মন্তব্য কৰে।

ইপিনে নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ-পৌৰপতি সীমান্ত বৰা, কাৰ্যবাহী বিষয়া প্ৰীতম ৰাজা শৰ্মাৰ লগতে পৌৰসভাখনৰ কেইবাটাও ৱাৰ্ডৰ মহলা আয়ুক্ত সহ এটি দল নগাঁও প্ৰেছ ক্লাবত উপস্থিত হৈ ৰাসায়নিক পদাৰ্থৰে প্ৰস্তুত কৰা ফাকুৰ পৰিৱৰ্তে হালধি, গজৰ,বীট,জেতুকা আদি প্ৰাকৃতিক ৰঙেৰে ফাকু খেলাত সজাগতা সৃষ্টিৰ বাবে সাংবাদিক সকলক আহ্বান জনায়।পৌৰসভাৰ তৰফৰ পৰা সাংবাদিক সকলক প্ৰাকৃতিক ৰং , বাঁহৰ ফিচকাৰী আদি উপহাৰ হিচাপে প্ৰদান কৰা হয়।

Tags: নগাঁও কলেজপৌৰসভাৰপ্ৰাকৃতিক ৰঙেৰে ফাকুৱা উৎসৱ উদযাপন
Share4Tweet3Send

Related Posts

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
ADVERTISEMENT
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

May 26, 2026
50
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ
National-International

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

May 26, 2026
50
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই
National-International

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

May 26, 2026
50
Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

May 26, 2026
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

May 26, 2026
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx