আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক (Assam government’s cabinet meeting) এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰে ভিতৰত এটা হৈছে বিহু (Bihu)ক লৈ বিশ্ব ৰেকৰ্ড (World record) গঢ়াৰ অসম চৰকাৰৰ পৰিকল্পনা।
বিশ্বব্যাপী আমাৰ বাপতি সাহোন বিহুক উপস্থাপন কৰিবলৈ ১১ হাজাৰ বিহুনৃত্য শিল্পীয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলত সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)ৰ আগত বিহু প্ৰদৰ্শন কৰিব। ইয়াৰ জৰিয়তে বিহুনৃত্যক একক স্থানত উপস্থাপন কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অভিলেখ পঞ্জীয়ন কৰাৰ প্ৰয়াস কৰা হ’ব বুলি অসম চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।
আনহাতে, এই অনুষ্ঠানলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ সকলো ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হ’ব। তদুপৰি, জি-২০ ৰাষ্ট্ৰ আৰু আছিয়ান ব্লকৰ দেশসমূহৰ ৰাষ্ট্ৰদূত তথা উচ্চায়ুক্তসকলকো আমন্ত্ৰণ জনোৱা হ’ব।
আনহাতে, বিগত ১০ বছৰে বিহু আয়োজন কৰা বিহু সমিতিসমূহলৈ ১.৫ লাখ টকাৰ অনুদান আগবঢ়োৱা হ’ব। এই সন্দৰ্ভত এক এছ’ অ’ পি অতি সোনকালে জাৰি কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে । আনহাতে, বলপূৰ্বকভাৱে বিহুৰ চান্দা নল’বলৈও বিহু সমিতিসমূহক এক সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।
ইয়াৰ উপৰিও ৰাজ্যত বিদ্যুৎ তাঁতশাল ব্যৱহাৰ কৰি গামোচা, মেখেলা আৰু আৰনাই প্ৰস্তুত কৰা যিকোনো কাৰ্য আৰু ৰাজ্যৰ বাহিৰৰ পৰা ইয়াৰ যোগান বন্ধৰ বিৰুদ্ধে এক অভিযান আৰম্ভ কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হ’ব। স্থানীয় শিপিনীসকলৰ উৎপাদিত সামগ্ৰীৰ প্ৰচাৰৰ বাবে এই অভিযান আৰম্ভ কৰা হ’ব।
লগতে অহা বছৰৰ পৰা অসম চৰকাৰে সাতদিনৰ বাবে ৰংঘৰৰ বাকৰি আৰু সৰুসজাই ক্ৰীড়া পৰিসৰত পৰম্পৰাগত উদ্যমেৰে ৰঙালী বিহুৰ আয়োজন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।উল্লেখ্য যে এই ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰীয়ে চাংসাৰিত এইমছ উদ্বোধন (AIIMS in Sangsari Open) কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰাৰো সম্ভাৱনা আছে।