আকৌ ভূমিকম্প (Earthquake) ! এইবাৰ কঁপি উঠিল মেঘালয় (Meghalaya)। উত্তৰ-পূবৰ ৰাজ্যখন (North East) তুৰা অঞ্চলত মঙলবাৰে পুৱা কম্পন অনুভৱ কৰা হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৭। এই খবৰটো প্ৰকাশ কৰিছে নেচনেল চেণ্টাৰ ফৰ ছিজমোলজীয়ে (National Center For Seismology) ।

মঙলবাৰে পুৱা ৬.৫৭ বজাত তুৰা অঞ্চলত সংঘটিত হয় ভূমিকম্প। ভূমিকম্পত অৱশ্যে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই। উল্লেখ্য, সোমবাৰে মেঘালয়ত অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচন (Election)। অহা বৃহস্পতিবাৰে ঘোষণা কৰা হʼব ফলাফল।
আনহাতে, মেঘালয়ৰ ভূমিকম্পৰ ৫ ঘণ্টা পূৰ্বে উত্তৰ-পূবৰ আন এখন ৰাজ্যত কম্পন অনুভৱ হয়। পুৱা প্ৰায় ২.৪৫ বজাত মণিপুৰৰ নোন জিলাত অনুভূত হয় এই কম্পন। ৰিখটাৰ স্কেলত তীব্ৰতা আছিল ৩.২।
উল্লেখ্য, বিগত কিছুদিন ধৰি দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে ভূমিকম্প। ১৯ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশত কম্পন অনুভৱ কৰা হৈছিল। ৰিখটাৰ স্কেলত তীব্ৰতা আছিল ৩.৮। ২২ ফেব্ৰুৱাৰীত দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত ভূমিকম্পৰ সৃষ্টি হৈছিল। ৰিখটাৰ স্কেলত ইয়াৰ কম্পাঙ্ক আছিল ৪.৪। ইয়াৰ প্ৰভাৱ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু হাৰিয়ানাৰ বৃহৎ অঞ্চলত অনুভৱ কৰা হৈছিল।
যোৱা দেওবাৰে গুজৰাটত (Gujrat) কম্পন অনুভৱ কৰা হৈছিল। ৰাজকোটৰ পৰা উত্তৰ আৰু উত্তৰ-পশ্চিমে ২৭০ কিলোমিটাৰ গভীৰতাত ৰিখটাৰ স্কেলৰ ৪.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ তীব্ৰতা আছিল। কিন্তু এই কম্পনত কোনো ধৰণৰ ক্ষতি বা প্ৰাণ হেৰুৱাৰ খবৰ পোৱা যোৱা নাই। ইয়াৰ আগতে চুৰাটতো কম্পন অনুভৱ কৰা হৈছে। দেওবাৰে পুৱা মহাৰাষ্ট্ৰৰ কোলহাপুৰতো কম্পন অনুভৱ কৰা হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৬।