হাই ভল্টেজ (High Voltage) প্ৰচাৰৰ অন্তত উত্তৰ-পূবৰ দুখন গুৰুত্বপূৰ্ণ ৰাজ্য মেঘালয় (Meghalaya) আৰু নাগালেণ্ডত (Nagaland) নিৰ্বাচনী (Election) যুদ্ধই চৰম সীমাত উপনীত হৈছে। সোমবাৰে ৰাজ্য দুখনৰ ভোটাৰে প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। দুয়োখন ৰাজ্যতে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ আৰু বিয়লি ৪ বজালৈ ভোটগ্ৰহণ চলিব।

মেঘালয়ৰ ৩৬৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১০.৯৯ লাখ মহিলা আৰু ১০.৬৮ লাখ পুৰুষকে ধৰি ২১ লাখতকৈ অধিক (২১,৭৫,২৩৬) ভোটাৰে। ৰাজ্যখনত নতুন ভোটাৰ প্ৰায় ৮১ হাজাৰ। ৰাজ্যৰ ৫৯টা বিধানসভা সমষ্টিৰ ৩৪১৯টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হʼব।
মেঘালয়ৰ ৬০টা বিধানসভা সমষ্টিৰ ভিতৰত ৩৬টা খাচী, জয়ন্তীয়া পাহাৰ অঞ্চলৰ আৰু ২৪টা গাৰো পাহাৰ অঞ্চলৰ। ৩৬৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, যʼত ৩৬গৰাকী মহিলাও আছে। মুঠ প্ৰাৰ্থীৰ ভিতৰত ৪৪ গৰাকীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে।
উল্লেখ্য, মেঘালয় আৰু নাগালেণ্ড দুয়োখন ৰাজ্যতে ৬০ খনকৈ বিধানসভা আসন আছে যদিও ৫৯ খনতহে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। নাগালেণ্ডৰ এজন বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে মেঘালয়ৰ এজন প্ৰাৰ্থীৰ মৃত্যু হোৱাত তাত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।