অসমীয়া চহা জীৱনৰ সৈতে জড়িত “যখিনী” (Jokhini) নামটোৰ সৈতে আমাৰ ভয় আৰু শংকা জড়িত হৈ আছে। সৰু অৱস্থাৰ পৰাই আমি কিবা এটা কৰিবলগীয়া কাম নকৰিলে, নাখালে অথবা নুশুলে আমাক ভয় খুওৱাবলৈ প্ৰায়ে এই “যখিনী” বোলা শব্দটোক ব্যৱহাৰ কৰিছিল মা হঁতে। কিন্তু এইবাৰ আমাৰ সৰু কালৰ সেই স্মৃতিৰ গৰ্ভৰ পৰা উলিয়াই আনি এজন নৱপ্ৰজন্মৰ পৰিচালকে এখন চুটি ছবি নিৰ্মাণ কৰিছে।
চুটি ছবিখনৰ নাম হৈছে “যখিনী”। লোককথাৰ ওপৰত আধাৰিত এই চুটি ছবিখনৰ পৰিচালনা কৰিছে চিন্ময় বাৰ্মাই (Chinmoy Barma)। ইতিমধ্যে তেওঁৰ কেইবাখনো চুটি ছবি ক্ৰমে “তেজৰ টুকুৰা”, “ঘোঁৰাপাক”, “অহম” ইত্যাদিয়ে জনসাধাৰণৰ বহুল সমাদৰ লাভ কৰাৰ লগতে বিভিন্ন ছবি সমাৰোহত সঁহাৰি লাভ কৰিছে।
চলিত বৰ্ষতেই মুক্তি পাবলগীয়া “যখিনী” চুটি ছবিখনত অভিনয় কৰিছে বেদব্ৰত বৰা, জ্যোতিশ্ৰী আৰ.ইউ বৈশ্য, দীক্ষিতা ৰাজবংশী, পপী কলিতা আৰু হেমা কুমাৰী কলিতাই। এই চুটি ছবিখনত সহঃ পৰিচালনা কৰিছে উপম দাস, হীৰক কলিতা আৰু উদ্দীপ্ত ৰাজবংশীয়ে (বিকি)। ডি.অ’পিৰ দায়িত্বত আছে ইক্ৰিম হ’ক আৰু চিনেমেটোগ্ৰাফী মনোজ বনিয়াৰ।
অসমীয়া সংস্কৰণৰ চিত্ৰনাট্য তথা সংলাপ জানকী শৰ্মাই লিখাৰ সমান্তৰালকৈ ইংৰাজী সংস্কৰণত সংলাপ লিখিছে দীক্ষিতা হাজৰিকাই আৰু ইংৰাজী চিত্ৰনাট্য লিখিছে চিন্ময় বাৰ্মাই আৰু জানকী শৰ্মাই। সম্পাদনা উপম মানুৰ। সংগীত কৰিছে বিদ্যুৎ বিকাশ বৰুৱা, নাজনিন উল্লাহ আৰু অনন্যা দত্তৰ। প্ৰডাকচন মেনেজাৰৰ দায়িত্বত আছে অমিত কুমাৰ মহন্ত। নলবাৰীৰ (Nalbari) মৰুৱা গাঁৱত চুটি ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে। ইয়াৰ কাহিনীভাগৰ অধিকাংশ ভাওনাৰ জৰিয়তে উপস্থাপন কৰিছে নিৰ্মাতা গোষ্ঠীয়ে।