কাৰ্বি আংলং (Karbi Anglong) জিলা স্বায়ত্তশাসিত পৰিষদৰ (Autonomous Council) ছেচন হ’লত আজি আৰম্ভ হোৱাৰ 244 সংখ্যক অধিৱেশনৰ (Session) লগত সংগতি ৰাখি বিত্ত বিভাগৰ (Department of Finance) দপ্তৰৰো দায়িত্ব থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (Tuliram Ronghang) আগন্তুক 2023 -24 বিত্তীয় বৰ্ষৰ বাবে সদনত পৰিষদৰ বাজেট (Budget) আৰু জিলা বাজেট দাখিল কৰে।
মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে জিলা বাজেটৰ বাবে চাৰিশ কোটি আশী লাখ টকা ধাৰ্য কৰাৰ বিপৰীতে পৰিষদ বাজেটৰ বাবে 715 কোটি টকা ধাৰ্য কৰে । ডিফুস্থিত পৰিষদৰ ছেচন হ’লত অধ্যক্ষ ৰাজু তিছ’ৰ অধ্যক্ষতাত অনুষ্ঠিত অধিৱেশনত মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে বাজেট সম্পৰ্কে কয় যে, কাৰ্বি আংলঙৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ৰাজহ সংগ্ৰহৰ দিশত গুৰুত্ব আৰোপ কৰিছে।
বিগত বৰ্ষত পৰিষদে 60 কোটি টকা ৰাজহ সংগ্ৰহ কৰাৰ বিপৰীতে চলিত বৰ্ষত 186 কোটি টকাৰ ৰাজহ পৰিষদে সংগ্রহ কৰিবলৈ সক্ষম হৈছে। মুখ্য কাৰ্যবাহী সদস্যৰ পুঁজিত 6505.01 লাখ টকা ধাৰ্য কৰা বুলি উল্লেখ কৰি চৰকাৰী গাঁও বুঢ়াৰ মাহিলি মাননিৰ বাবে 3 হাজাৰ টকা, কাৰ্বি যুৱ মহোৎসৱৰ বাবে এক কোটি টকা, কাৰ্বি সাহিত্য সভাৰ বাবে 20 লাখ টকা আৰু বিভিন্ন জনগোষ্ঠীৰ উৎসৱ উদষাপনৰ বাবে বাজেটত তিনি কোটি টকাৰ ধাৰ্য কৰা হৈছে বুলি ৰংহাঙে সদনত প্ৰকাশ কৰে।
সদনত সদস্যসকলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দাখিল কৰা বাজেটৰ আলোচনাত ভাগ লোৱা সদস্যৰ ক্রমে ডি উফিং মাচলাই, মংগল ছিং তিমুং, ৰীতেশ ইংহি, পৱন কুমাৰ ৰয়, ৰিচাৰ্ড টকবি আৰু ৰীনা তেৰাংপী য়ে কাৰ্বি আংলঙৰসমুহ জনসাধাৰণৰ আশা আকাংক্ষাৰ বাজেট বুলি মন্তব্য কৰে।
ইয়াৰ পূৰ্বে 29 জানুৱাৰীত পৰলোক প্ৰাপ্তি হোৱাৰ পৰিষদৰ প্ৰাক্তন সদস্য ভীম কান্ত চৌহানক সোঁৱৰণ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোক প্ৰস্তাব লোৱা হয়।
ইয়াৰ পাছত সদস্যৰ জনী তিমুং আৰু পৱন কুমাৰ ৰয়ে ক্রমে মাৰাট লংৰি আৰু প্ৰধান মন্ত্ৰী চড়ক যোজনাৰ ৰূপায়নৰ সম্পৰ্কে সদনত প্ৰশ্ন উত্থাপন কৰে। মুখ্য কাৰ্যবাসী সদস্য তুলিৰাম ৰংহাঙে সদনত দাখিল কৰা ৰাজহুৱা হিচাপ সমিতিৰ খচৰাও সদনত গৃহিত হয়। কাইলৈ জিলা বাজেট গৃহিত হ’ব বুলি জানিব পপা গৈছে ৷