ASSAM TIMES POST
ডিফুঃ অহা ২৫ নৱেম্বৰত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ বহিঃৰ্বিভাগৰ কাম- কাজৰ শুভাৰম্ভনিৰ পূৰ্বেই মহাবিদ্যালয় ঘটিল এক অঘটন ৷ চিকিৎসা মহাবিদ্যালয় খনৰ এখন অট্টালিকাৰ দুমহলাৰ পৰা পৰি অকাল মৃত্যুক সাৱটিবলগীয়া হোৱা ঘটনাত পাহাৰীয়া চহৰ ডিফুত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি দুদিন পূৰ্বে ডিব্ৰুগড় জিলাৰ মৰাণ থানা এলেকাৰ কাৱৈমাৰী ঘিনাই গাঁৱৰ ইজেৰি মাঝিৰ পুত্ৰ অনন্ত মাঝি (২০) নৱনিৰ্মিত ডিফু চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ কামৰ সৈতে জড়িত সম্বন্ধীয় ককায়েকৰ ওচৰত ফুৰিবলৈ আহিছিল যোৱা বৃহস্পতিবাৰে সন্ধিয়া চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদৰ ককায়েক থকা প্ৰফেচাৰ কল’নিৰ এটা অট্টালিকা দুমহলাৰ বেলকনিত উঠি যুৱকজন কিছু সময় বহি থকাৰ পিছত হঠাত পৰি গুৰুতৰ ভাবে আহত হয় ৷
প্ৰত্যক্ষদৰ্শী সকলে তৎক্ষণাৎ আহত যুৱক জনক ডিফু অসামৰিক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত যুৱক জনক মৃত্যু হয় ৷ যুৱক জনৰ মৃত্যু অঘটন নে আত্মহত্যা সেয়া ৰহস্যৰ আৱৰ্তত ৷ আজি যুৱকজনৰ পিতৃ ডিফুত উপস্থিত হৈ এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰে ৷ পিতৃৰ এজাহাৰৰ ভিত্তিত ডিফু থানাত ৩৪/২০১৯ নম্বৰত এক গোচৰ ৰুজো দি তদন্তৰ কাম আৰম্ভ কৰিছে ৷












