![]()
নগাঁও (Nagaon) চহৰৰ পূৱ আমোলাপট্টিস্থিত সাৰ্বজনীন নগাঁও শ্মশানঘাট শ্ৰীশ্ৰী শিৱ মন্দিৰত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত শিৱৰাত্ৰি মহোৎসৱৰ সামৰণি পৰে। শিৱৰাত্ৰিৰ ( Shivratri) তিনিদিনীয়া কাৰ্যসূচীত ঐতিহ্যমণ্ডিত মন্দিৰটোত যথেষ্ট সংখ্যক ভক্তৰ সমাগম ঘটে।

আনহাতে শিৱৰাত্ৰি মহোৎসৱতৰ অন্তিম নিশা নগাঁও চহৰৰ ছয় আলি স্হিত ১৯৮ নম্বৰ টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্রীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিৰ মাজেৰে সমন্বয়ৰ চানেকি দাঙি ধৰাৰ প্ৰয়াস কৰে।
বিদ্যালয়খনৰ ছাত্ৰ-ছাত্রীসকলে মন্দিৰ চৌহদৰ নটৰাজ কলাক্ষেত্ৰত মঞ্চস্হ কৰা ”দধিচী মুণিৰ দেহত্যাগ আৰু বৃত্তাসুৰ বধ” নামৰ অসমীয়া ভাওনা (Bhaona)খনে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়। বিদ্যালয়খনত অধ্যয়নৰত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্রীয়ে মিলি মঞ্চস্হ কৰা নাটখনে গুৰুজনাৰ কৃষ্টি-সংস্কৃতিক সুন্দৰ ৰূপত উপস্থাপন কৰাৰ সমান্তৰালকৈ গুৰুজনাই দেখুৱাই যোৱা সমন্বয়ৰ নিদৰ্শন দাঙি ধৰে।
মূলত: বিদ্যালয়খনৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰাৰ প্ৰচেষ্টা আৰু শিক্ষক-শিক্ষয়িত্রী, ছাত্ৰ-ছাত্রী তথা অভিভাৱক সকলৰ সহযোগিতাত মন্দিৰ সমিতিৰ পৃষ্ঠপোষকতাত মঞ্চস্হ কৰা “দধিচী মুণিৰ দেহত্যাগ আৰু বৃত্তাসুৰ বধ” ভাওনাখন উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
বিধায়ক শৰ্মাই বিদ্যালয়খনৰ এনে প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে শিক্ষাৰ সমান্তৰালকৈ জাতীয় কৃষ্টি চৰ্চাৰে বিদ্যালয়খনে এক সুন্দৰ নিদৰ্শন দাঙি ধৰা বুলি মন্তব্য কৰে।
উদ্বোধনী অনুষ্ঠানত নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা, মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি গংগাবল্লভ গোস্বামী, উপ-সভাপতিদ্বয় যতীন দাস আৰু জিতেন বৰকটকী, সম্পাদক অনিল শৰ্মা, বিত্ত সচিব বাবুল চন্দ্ৰ দাস, সাংস্কৃতিক বিভাগৰ আহ্বায়ক হীৰু ডেকা প্ৰমুখ্যে ব্যক্তি সকল উপস্থিত থাকে। কেইবা সহস্রাধিক দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম হোৱা ‘দধিচী মুনিৰ দেহত্যাগ আৰু বৃত্তাসুৰ বধ’ ভাওনাখন পৰিচালনা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰাই।












