
মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কুচনিমাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। টোপনি গৈ থকা অৱস্থাত চোকা অস্ত্ৰৰে স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা নিজৰ পত্নীৰ। এই নৃশংস আক্ৰমণত গুৰুতৰভাৱে আহত ইলিয়াছ আহমেদ নামৰ লোকজন। ঘটনা সন্দৰ্ভত ইলিয়াছ আহমেদৰ পৰিয়ালৰ লোকে মানকাচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। মানকাচৰৰ কুচনিমাৰাত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড।
জানিব পৰা মতে, স্বামীৰ ওপৰত চোকা অস্ত্ৰৰে প্ৰাণঘাতী আক্ৰমণ চলায় পত্নীয়ে। পত্নীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ইলিয়াছ আহমেদ নামৰ যুৱকজন বৰ্তমান চিকিৎসাধীন।

জানিব পৰা মতে, প্ৰায় এবছৰ পূৰ্বে মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত বাউশকাটা গাঁৱৰ ছফিয়ৰ ৰহমানৰ পুত্ৰ ইলিয়াছ আহমেদৰ সৈতে একে আৰক্ষী থানাৰ অন্তৰ্গত কুচনিমাৰা গাঁৱৰ মকবুল হুছেইনৰ কন্যা মুনজিলা খাতুন বিবাহপাশত আবদ্ধ হৈছিল। দুয়োটা পৰিয়ালৰ সন্মতিতে এই বিয়া সম্পন্ন হৈছিল যদিও বিয়াৰ পিছৰে পৰা স্বামী-স্ত্ৰীৰ মাজত সংঘাত আৰম্ভ হৈছিল সংঘাত। স্বামীগৃহৰ পৰিয়ালৰ অভিযোগ মতে, পত্নী মুনজিলাই স্বামী ইলিয়াছক পছন্দ কৰা নাছিল। ইলিয়াছৰ চেহেৰাক লৈও পত্নীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল।
ঘটনাৰ দিনা পত্নী নিজৰ পিতৃগৃহত আছিল আৰু তেওঁক আনিবলৈ ইলিয়াছ শহুৰেকৰ ঘৰলৈ গৈছিল। অভিযোগ অনুসৰি, নিশা ইলিয়াছ গভীৰ টোপনিত থকা অৱস্থা পত্নী মুনজিলাই চোকা অস্ত্ৰৰে আক্ৰমণৰ পৰিকল্পনা কৰে যদিও আক্ৰমণৰ উমান পাই ইলিয়াছে সাৰ পায়। লগে লগে তেওঁ কোঠাৰ পৰা দৌৰি ওলাই আহি কোনোমতে প্ৰাণৰক্ষা কৰে যদিও চোকা অস্ত্ৰৰ আঘাতত গুৰুতৰভাৱে আহত হয়।
এই ঘটনা সংঘটিত হোৱাৰ পিছত ইলিয়াছ আহমেদৰ পিতৃ ছফিয়ৰ ৰহমানে মানকাচৰ আৰক্ষী থানাত পত্নী মুনজিলা খাতুনকে ধৰি তিনিজন লোকৰ বিৰুদ্ধে গোচৰ তৰে। আৰক্ষীয়ে এই গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। অৱশ্যে এই ভয়ংকৰ আক্ৰমণৰ প্ৰকৃত ৰহস্য আৰু সত্য আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।













