হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ (Hindenburg Research) এক প্ৰতিবেদনৰ ফলত বিশ্বৰ ধনী লোকৰ তালিকাত উদ্যোগপতি গৌতম আদানীৰ (Gautam Adani) স্থান ক্ৰমান্বয়ে তললৈ নামি আহিছে। আনকি শীৰ্ষ তালিকাৰ প্ৰথম দহৰ ভিতৰতো তেওঁৰ স্থান নাই।দেওবাৰে প্ৰকাশিত শীৰ্ষ ধনী লোকৰ তালিকাত ২৪ নম্বৰ স্থানলৈ নামি আহিছে আদানী।
২৫ জানুৱাৰীত ফ’ৰ্বছ আলোচনীৰ তালিকাত আদানীয়ে বিশ্বৰ তৃতীয় ধনী ব্যক্তি হিচাপে স্থান লাভ কৰিছিল।দেওবাৰে পুৱাৰ ফ’ৰ্বছ ধনী তালিকাৰ তথ্য অনুসৰি, আদানীৰ সম্পত্তি ৪৯৭ কোটি ডলাৰ হৈছেগৈ। স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ পৰিছে বিশ্বৰ ধনী তালিকাত আদানীৰ স্থান।
১৯৮০ চনৰ পৰাই আদানী গ্ৰুপে ব্যৱসায় কৰি আহিছে। মূলতঃ সাগৰীয় বন্দৰ, বিমানবন্দৰ আৰু বিদ্যুৎ উৎপাদনৰ ব্যৱসায়ৰ লগত জড়িত। অৱশ্যে তিনি বছৰ পূৰ্বে আদানীৰ সম্পত্তিৰ মূল্য আছিল ৮.৯ বিলিয়ন ডলাৰ। তাৰ পাছত হঠাৎ উত্থান। ২০২১ চনত আদানি গ্ৰুপৰ মুঠ সম্পত্তি ৪ ট্ৰিলিয়ন ডলাৰ হয়। তাৰ পিছৰ বছৰ অৰ্থাৎ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰায় দুগুণ বৃদ্ধি পায় এই সম্পদ।