কাৰবি আংলং (Karbi Anglong) জিলাৰ মাঞ্জাত (Manja) আজি অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমত (Assam Hill Small Scale Industries Development Corporation) চাৰিটাকৈ অত্যাধুনিক আৰু অধিক কাৰ্যক্ষম যন্ত্ৰৰ শুভ উদ্ধোধন কৰে কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ চিইএম ডঃ তুলিৰাম ৰংহাঙে (Tuliram Ronghang)৷
আজি পুৱাৰ ভাগত উদ্যোগটোত ক্ৰমে, পানীৰ বটলিং আৰু পেকেজিঙৰ, ফলৰ ৰস উৎপাদন, আদা, নহৰুৰ বাকলি গুছোৱা আৰু আছাৰ উৎপাদনৰ চাৰিটাকৈ যন্ত্ৰৰ ফিতা কাটি শুভ উদ্ধোধন কৰে চিইএম তুলিৰাম ৰংহাঙে ৷ যন্ত্ৰ কেইটা উদ্ধোধন কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চিইএম ডঃ তুলিৰাম ৰংহাঙে কয়যে, অসম পাৰ্বত্য ক্ষুদ্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ তথা ডিফু বিধান সভা সমষ্টিৰ জ্যেষ্ঠ বিধায়ক বিদ্যাছিং ইংলেঙৰ প্ৰচেষ্টাত উত্তৰ প্ৰদেশ আৰু কলিকতাৰ পৰা আধুনিক মেচিনসমূহ আনিবলৈ সক্ষম হৈছে ৷
এই যন্ত্ৰপাতিৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগ আৰু কৃষি বিভাগে নিবণুৱা সমস্যা সমাধান কৰাত কিছু সমৰ্থ হব বুলি কয় ৷ আজিৰ সভাত বিধায়ক তথা অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ বিদ্যাছিং ইংলেঙ ,উপাধ্যক্ষ অৰুণ তেৰাঙ আৰু পৰিষদৰ কেইবাগৰাকী ইএম এমএচি উপস্থিত থাকে ৷