ASSAM TIMES POST
ডিফুঃ কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত স্থাপিত হোৱা অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয়ৰ বহিঃৰ্বিভাগৰ সেৱা অহা ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হব ৷ ডিফুত এক সংবাদ মেল আয়োজন কৰি এই কথা ঘোষণা কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ্যা তথা মুখ্য অধীক্ষক ডঃ সুমিত্ৰা হেগজেৰে ৷ সংবাদমেলত উল্লেখ কৰা অনুসৰি ডিফু চিকিৎসা মহাবিদ্যালয়খন অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰা হৈছে ৷
ইয়াৰে প্ৰাৰম্ভিক কাৰ্যসূচী অনুসৰি অহা ২৫ নৱেম্বৰৰ পৰা অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাঙ্গনত বহিঃৰ্বিভাগৰ কাম আৰম্ভ কৰা হৈছে ৷ ইয়াৰে অৱশ্যে বহিঃৰ্বিভাগত ৰোগীৰ স্বাস্থ্য পৰীক্ষাহে কৰা হব বুলি কয় লগতে কোনো কাৰণত ভৰ্তি হব লগীয়া ৰোগীক ডিফু চিভিল হাস্পাতালত ভৰ্তি কৰাৰ ব্যৱস্থা কৰা হব ৷ চিকিৎসা মহাবিদ্যালয়খনৰ কাম পৰ্যায় ক্ৰমে, উন্নীত কৰা হব বুলি কৈ এনে ব্যৱস্থা কৰা হৈছে বুলি কয় অধীক্ষক গৰাকীয়ে কয় ৷
অৱশ্যে ইয়াৰ বাবে এটা বিশেষ টীম গঠন কৰাৰ লগতে বহিষৰ্বিভাগলৈ নিব লগীয়া ৰোগীৰ বাবে বিশেষ এম্বুলেঞ্চৰ ব্যৱস্থা কৰা হব বুলিও উল্লেখ কৰে ৷ সংবাদ মেলত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰফেছাৰ ডাঃ তাৰিণি দাস, শল্য চিকিৎসা বিভাগৰ মুৰব্বীপ্ৰফেচাৰ ডাঃ বিজন দত্ত, জিলা চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালক কাৰেং ৰংপিপী, আৰু ডিফু অসামৰিক চিকিৎসালয়ৰ অধীক্ষক নকুল শ্যাম উপস্থিত থাকে ৷













