![]()
সাতগাঁও থানাত (Satgaon Police Station) হেণ্ডকাফ লৈয়ে ৰঞ্জিত বৰা হত্যাকাণ্ডৰ (Ranjit Bora murder) মূল অভিযুক্ত শ্বাহ আলমে পলায়ন (Shah Alam escapes) কৰে। বৃহস্পতিবাৰে নিশা সাতগাঁও থানাৰ আৰক্ষীয়ে পাঞ্জাবাৰীৰ বতাহঘূলি অঞ্চলত শ্বাহ আলমক লৈ অভিযান চলাই থকাৰ মাজতেই পলায়ন কৰে অভিযুক্তই।

কিন্তু ঘটনাটো আৰক্ষীয়ে গাপ দিছে বুলিও অভিযোগ উত্থাপন কৰা হৈছে। শেহতীয়াকৈ শ্বাহ আলমক বিচাৰি আৰক্ষীয়ে তদন্ত কৰিছে যদিও কোনো সম্ভেদ পোৱা হোৱা নাই।
পাঞ্জাবাৰী পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল শ্বাহ আলম। আলমে দিন- দুপৰতে পাঞ্জাবাৰীত গুলীয়াই হত্যা কৰিছিল ৰঞ্জিত বৰাক।













