![]()
আজি গুৱাহাটীৰ (Guwahati) পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ (Srimanta Sankardev Kalakshetra) আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjeet Kr. Das) পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ “প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ” (Pradhan Mantri Awaas Yojana- Gramin) ৰ সৈতে জড়িত ৩.৮ লাখ হিতাধিকাৰীক আঁচনিখনৰ আৱণ্টিত পুঁজি প্ৰদান কৰে।

“২০২৪ চনৰ ভিতৰত সকলোৰে বাবে আৱাসগৃহ” দৰ্শনেৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। উল্লেখ্য যে, এই আঁচনিৰ অধীনত আৱণ্টিত পুঁজি মুঠ ১,৩০,০০০ টকা তিনিটা কিস্তিত হিতাধিকাৰী সকলক প্ৰদান কৰা হয়। এই কিস্তি সমূহ হিতাধিকাৰী সকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰোৱা হয়।
অসমত উক্ত আঁচনিৰ সফল ৰূপায়ণ কৰা হৈছে বুলি আজিৰ এই অনুষ্ঠানৰ জৰিয়তে মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। বিগত ২০১৬ চনৰ পৰা এতিয়ালৈকে মুঠ ৭,৬৬,১০০ টা গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে মুঠ ৩,৬১, ৭৯২ টা গৃহৰ নিৰ্মাণকাৰ্য যোৱা ২০ টা মাহত সম্পূৰ্ণ কৰা হৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।













