বাল্য বিবাহক (Child Marriage) কেন্দ্ৰ কৰি ৰাজ্যত তোলপাৰ হৈ থকাৰ সময়তে আজি কাৰবি আংলঙত (Karbi Anglong) সংঘটিত হয় প্ৰথমটো আত্মহত্যাৰ প্ৰথমটো আত্মহত্যাৰ ঘটনা (Suicide cases)৷
প্ৰাপ্ত খবৰ অনুসৰি মাঞ্জা ২নং জাৰি টেৰণ গাঁৱৰ সমীপৰ ৰংবং পথাৰ গোৰ্খা গাওঁত সংঘটিত হৈছে উক্ত হৃদয়বিদাৰক ঘটনা৷
বাল্য বিবাহৰ অপৰাধত পুত্ৰ ৰাহুল ছেত্ৰী জেললৈ যোৱাৰ পিছতে আজি আত্মহত্যাৰ দৰে চৰম সিদ্ধান্তৰ পথ বাছি লয় মাতৃয়ে । আজি বিয়লি ৩ মান বজাত নিজ বাসগৃহতে ৬৫ বছৰীয়া বৃদ্ধা মাতৃ ৰাধিকা মায়া ছেত্ৰীয়ে চীপলৈ আত্ম হনন কৰে৷ ৰাহুল ছেত্ৰীক মাঞ্জা আৰক্ষীয়ে পকচ’ আইনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷ ৰাহুলছেত্ৰীৰ বিৰুদ্ধে মাঞ্জা থানাত ১৩/২০২৩ ত ৰুজো হৈছিল গোছৰ৷
পৰিয়ালৰ লোকে ৰাহুল ছেত্ৰীক বিনাচৰ্তে মুকলি কৰি দিয়াৰ উপযুক্ত ক্ষতিপূৰণ দাবী কৰে ৷ ৰাহুল ছেত্ৰীৰ জামিনৰ বাবে উকিলে ৫০ হাজাৰ টকা দাবী কৰিছে বুলিও পৰিয়ালৰ লোকে অভিযোগ কৰে ৷
পৰিয়ালৰ লোকে ইমান বৃহৎ পৰিমানৰ ধন গোটাব নোৱাৰে বুলি অতি দুখেৰে সাংবাদিকক জানিবলৈ দিয়ে ৷
যোৱা ২ ফেব্ৰুৱাৰীত নিশাৰ ভাগত মাঞ্জা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাহুল ছেত্ৰীক ৷ ৰাহুল ছেত্ৰীৰ গ্ৰেপ্তাৰৰ পিছতেই তেওঁৰ পৰিয়াললৈ নামি আহে ঘোৰ অমানিশা ৷ তীব্ৰ আৰ্থিক আৰু মানসিক চাঁপত ভাৰাক্ৰান্ত হৈ পৰিছে ৰাহুল ছেত্ৰীৰ পৰিয়াল ৷ ৰাধিকা মায়া ছেত্ৰীৰ মৃত্যুৰ বাবে পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিছে পৰিয়ালৰ লোকে৷