
নগাঁও (Nagaon) চহৰৰ পূৱ আমোলাপট্টিস্থিত (East Amolapatti) সাৰ্বজনীন শ্মশানঘাট শ্ৰীশ্ৰী শিৱমন্দিৰ (Shamshanghat Sri Sri Shivamandir) চৌহদত সংৰক্ষণ কৰি ৰখা কাছ (Tortose) চুৰি (Theft) কৰিবলৈ অহা দুই চোৰক আজি পুৱা মন্দিৰ দৰ্শনৰ বাবে অহা একাংশ ভক্তই কৰায়ত্ত কৰে।

জানিব পৰা মতে মন্দিৰটোৰ পকী দেৱাল পাৰ হৈ চৌহদত প্ৰবেশ কৰি চোৰ দুটাই মন্দিৰৰ নিৰ্দিষ্ট স্হানত বিজ্ঞান সন্মত ভাৱে সংৰক্ষণ কৰি ৰখা কেইবাটাও কাছৰ মাজৰে এটা কাছ চুৰি কৰি নিব খোজা অৱস্হাত মন্দিৰৰ ৰং দিয়া কামত নিয়োজিত ৰং মিস্ত্ৰীৰ লগতে মন্দিৰ দৰ্শনৰ বাবে অহা একাংশ ভক্তৰ দৃষ্টি গোচৰ হয়।
পাচত মন্দিৰ পৰিচাৰকৰ সহায়ত সকলোৱে মিলি চোৰ দুটাক কৰায়ত্ত কৰে । ধৃত চোৰ দুটাৰ নাম মুন দাস আৰু বুবুল দাস। চোৰ দুটাৰ এটাৰ ঘৰ বেবেজীয়াত আৰু আনটোৰ ঘৰ নগাঁও চহৰৰ লাওখোৱা ৰোডত বুলি জানিব পৰা গৈছে ।
পাচত ধৃত চোৰ দুটাক ৰাইজে ইটাচালি আৰক্ষী চকীত গতাই দিয়ে। আনহাতে চোৰ দুটাৰ হাতৰ পৰা উদ্ধাৰ কৰা কাছটোক পুনৰ মন্দিৰ চৌহদৰ নিৰ্দিষ্ট স্হানত ৰখা হয়। উল্লেখ্য যে নগাঁৱৰ বিশিষ্ট প্ৰকৃতিবিদ প্ৰশান্ত বৰদলৈৰ তত্বাৱধানত নগাঁও সাৰ্বজনীন শ্মশানঘাট শ্ৰী শ্ৰী শিৱমন্দিৰ সমিতিয়ে মন্দিৰ চৌহদত বিগত এক দশকৰো অধিক কাল বিজ্ঞান সন্মতভাৱে কাছ সংৰক্ষণ কৰি আহিছে।
আনহাতে মন্দিৰত সংৰক্ষণ কৰা কাছসমূহ সময়ে সময়ে বন বিভাগৰ জৰিয়তে বুঢ়া চাপৰি অভয়াৰণ্যলৈ প্ৰেৰণ কৰা হয়।
ইপিনে একাংশ দুষ্কৃতিকাৰীয়ে মন্দিৰৰ কাছ চুৰি কৰাৰ ফলত কাছৰ সংখ্যা হ্ৰাস পাবলৈ ধৰে।












