শ্বেয়াৰ বজাৰত (Stock Market) আদানী গ্ৰুপৰ (Adani Group) বিপৰ্যয়ৰ কোনো প্ৰভাৱ নপৰে চৰকাৰী বীমা কোম্পানীত (Government Insurance Company)। সোমবাৰে সংসদত এই দাবী উত্থাপন কৰে নৰেন্দ্ৰ মোদী চৰকাৰে। কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কাৰাদে (Minister Bhagwat Karade) আদানী গোটৰ বিভিন্ন কোম্পানীত বিনিয়োগৰ বাবে চৰকাৰী কোম্পানী এল আই চিৰ লগতে জি আই চিয়ে শ্বেয়াৰ বজাৰত বৃহৎ লোকচানৰ সন্মুখীন হʼব পাৰে বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা আশংকাক খণ্ডন কৰিছে।
কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে লোকসভাত দিয়া বিবৃতিত অৱগত কৰে যে আদানী গ্ৰুপত দেশৰ পাঁচটা চৰকাৰী বীমা কোম্পানীৰ মুঠ বিনিয়োগ ৩৪৭ কোটি ৬৪ লাখ টকা। যিটো পাঁচটা প্ৰতিষ্ঠানৰ মুঠ সম্পত্তিৰ মূল্যৰ (AUM বা Assets Under Management) মাত্ৰ ০.১৪ শতাংশ।
ইয়াৰ বাহিৰেও চৰকাৰী মালিকানাধীন ভাৰতীয় জীৱন বীমা নিগমৰ মুঠ সম্পত্তিৰ ১ শতাংশতকৈও কম আয় গোটত বিনিয়োগ কৰা হয় বুলি কেন্দ্ৰই জানিবলৈ দিয়ে। কিন্তু সোমবাৰে কেন্দ্ৰৰ আশ্বাসক বিশ্বাস নকৰি বিৰোধীয়ে আদানী গোচৰৰ তদন্তৰ বাবে যুটীয়া সংসদীয় সমিতি (জেপিচি) গঠনৰ দাবীত সদন এৰি গুচি যায়।
উল্লেখ্য, ২ ফেব্ৰুৱাৰীত এল আই চি কৰ্তৃপক্ষই জনাইছিল যে ২০২২ চনৰ ৩০ ছেপ্টেম্বৰলৈকে তেওঁলোকৰ মুঠ সম্পত্তিৰ মূল্য ৪১,৬৬,০০০ কোটি টকা। আৰু ২০২২ চনৰ ৩১ ডিচেম্বৰলৈকে আদানী গ্ৰুপৰ সকলো কোম্পানীৰে মুঠতে এল আই চিয়ে ক্ৰয় কৰা শ্বেয়াৰৰ মূল্য ৩৫ হাজাৰ কোটি টকাতকৈ অলপ বেছি।
অৰ্থাৎ সংস্থাটোৰ মুঠ সম্পত্তিৰ ১ শতাংশও নহয়। সেয়েহে যুক্তিৰ স্বাৰ্থত আদানী গ্ৰুপ দেউলীয়া হোৱাৰ সম্ভাৱনা মানি লʼলেও এল আই চিৰ বাবে ‘ব্যাপক লোকচান’ হোৱাৰ কোনো সম্ভাৱনা নাই। এল আই চি কৰ্তৃপক্ষই এল আই চিৰ ব্যৱসায় আৰু বিনিয়োগ সম্পৰ্কীয় বিশদ তথ্য আদানীৰ হাতত থকা বুলি প্ৰকাশিত বিভিন্ন প্ৰতিবেদনকো ‘মিছা’ বুলি অভিহিত কৰিছে।