ইছৰো (ISRO)ৰ সফল উৎক্ষেপণ (Launch) SSLV-D2)। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই SSLV-D2-ৰ জৰিয়তে তিনিটা উপগ্ৰহ উৎক্ষেপণ কৰে। শুকুৰবাৰে পুৱা অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয়। সফল উৎক্ষেপণৰ পিছত ইছৰোৱে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটৰ পৰা লিখিছে যে এই উৎক্ষেপণ সফল হৈছে। লগতে সঠিক কক্ষপথত স্থাপন কৰা হৈছে।

ইছৰোৰ মতে, SSLV অৰ্থাৎ Small Satellite Launch Vehicle সাধাৰণতে ৫০০ কিলোগ্ৰাম ওজনৰ উপগ্ৰহ কক্ষপথলৈ উৎক্ষেপণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইছৰোৱে আজি SSLV-D2 উৎক্ষেপণৰ জৰিয়তে মহাকাশলৈ তিনিটা উপগ্ৰহ উৎক্ষেপণ কৰে। সেয়া হ’ল EOS-07, Janus-1 আৰু AzaadiSAT-2। পুৱা ৯.১৮ বজাত উৎক্ষেপণ কৰা হয়।
SSLV প্ৰথমবাৰৰ বাবে যোৱা বছৰ মুকলি কৰা হৈছিল। যদিও প্ৰথমটো উৎক্ষেপণ ২০২২ চনৰ ৯ আগষ্টত হৈছিল, তেতিয়া ই বিফল হৈছিল। জানিব পৰা মতে, যান্ত্ৰিক বিজুতিৰ বাবে গলনাংক সংঘটিত হয়। তাৰ পিছত এই বছৰৰ আৰম্ভণিতে উৎক্ষেপণ সফল হʼল।