আদানীয়ে (Adani) বেংকিং গ্ৰুপৰ (Banking Groups) পৰা লোৱা ঋণ সোনকালে পৰিশোধ কৰাৰ সিদ্ধান্ত লʼলে। ঋণৰ পৰিমাণ ৫০ কোটি ডলাৰ, ভাৰতীয় মুদ্ৰাত যিটো ৪ হাজাৰ কোটি টকাতকৈও অধিক।আমেৰিকাৰ বিনিয়োগ গৱেষণা প্ৰতিষ্ঠানে হিণ্ডেনবাৰ্গ প্ৰতিবেদন (Hindenburg Research) প্ৰকাশ কৰাৰ পিছৰে পৰা আদানীৰ শ্বেয়াৰ হ্ৰাস পাইছে। শ্বেয়াৰৰ মূল্য হঠাতে কমি আহিছিল।
এই পৰিস্থিতিত আদানী গ্ৰুপে আকৌ মূৰ দাঙি উঠিবলৈ চেষ্টা কৰিছে।সেই প্ৰচেষ্টাৰ সুফল তেওঁলোকে ইতিমধ্যে লাভ কৰিবলৈ আৰম্ভ কৰিছে। যোৱা তিনিদিনত তেওঁলোকৰ শ্বেয়াৰৰ মূল্য বহুখিনি বৃদ্ধি পাইছে। আৰু সেইবাবেই তেওঁলোকে এই বৃহৎ পৰিমাণৰ ঋণ সোনকালে পৰিশোধ কৰাৰ সিদ্ধান্ত লয়।
বাৰ্কলেছ পিএলচি, ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড পিএলচি, ডয়েচ বেংক এজিৰ দৰে গ্ৰুপে যোৱা বছৰ বিনিয়োগকাৰীক প্ৰায় ৩৭,০০০ কোটি টকা ঋণ দিছিল। সেই ঋণৰ এটা অংশ অহা মাৰ্চৰ ৭ তাৰিখৰ ভিতৰত পৰিশোধ কৰাৰ চুক্তি হৈছিল। আদানীয়ে মাৰ্চ মাহলৈকে অপেক্ষা নকৰিলে। ৪০০০ কোটি টকাৰ ঋণ আগতীয়াকৈ পৰিশোধ কৰাৰ পৰিকল্পনা কৰিছে। বহুতৰে মতে ঋণ পৰিশোধ কৰাটো আদানীয়ে শ্বেয়াৰ বজাৰখন ঘূৰাই অনাৰ অন্যতম আহিলা হিচাপে লয়।
ঋণ আগতীয়াকৈ পৰিশোধ কৰাৰ ফলত তেওঁলোকৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি হʼবলৈ ধৰে। দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত একেৰাহে এসপ্তাহতকৈ অধিক সময় আদানী গ্ৰুপৰ শ্বেয়াৰ হ্ৰাস পায়। কিন্তু যোৱা তিনিদিনত আকৌ ওপৰলৈ গৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, আদানীয়ে বজাৰত কেতবোৰ ঋণ আগতীয়াকৈ পৰিশোধ কৰিছে। ফলত শ্বেয়াৰৰ মূল্যৰ সুবিধা তেওঁ পালে।
হিণ্ডেনবাৰ্গে তেওঁলোকৰ প্ৰতিবেদনত অভিযোগ কৰে যে আদানী গ্ৰুপে জালিয়াতিৰ জৰিয়তে ধনী হৈ পৰিছে। শ্বেয়াৰ বজাৰত তেওঁলোকৰ শ্বেয়াৰৰ মূল্য কৃত্ৰিম। তেওঁলোকে বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ অভিযোগো উত্থাপন হৈছিল।
অৱশ্যে আদানী গ্ৰুপে আমেৰিকান কোম্পানীটোৰ সকলো অভিযোগ অস্বীকাৰ কৰে। কিন্তু এসপ্তাহৰ ভিতৰতে বিশ্বৰ ধনী লোকৰ তালিকাত তৃতীয় স্থানৰ পৰা ১৭ নম্বৰলৈ পিছলি যায় গৌতম আদানী। এই দুৰ্যোগৰ পিছত নিজক শ্বেয়াৰ বজাৰত পুনৰ শক্তিশালী কৰাৰ বাবে আদানী গ্ৰুপে ৪ হাজাৰ কোটি টকাৰ ঋণ পৰিশোধ