আদানী (Adani) বিষয়টোক লৈ অস্থিৰ সংসদ (Unstable Parliament)। এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)য়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi) আৰু উদ্যোগপতি গৌতম আদানীৰ ছবি (Picture of industrialist Gautam Adani) দেখুৱাই সংসদ উত্তাল কৰে। তেওঁৰ প্ৰশ্ন হʼল, আদানী গ্ৰুপে কেনেকৈ সকলো ব্যৱসায়ত সোমাই পৰিল? প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আদানীৰ কি সম্পৰ্ক?
ৰাহুলে দাবী কৰে যে তেওঁ ‘ভাৰত জোৰো যাত্ৰাʼত যʼতেই গৈছিল, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে তেওঁ সকলোতে একেটা নাম শুনিছিল – ‘আদানী, আদানী আৰু আদানী’।
মঙলবাৰে সংসদত ভাষণ দি ৰাহুলে কয়, “তামিলনাডুৰ পৰা কেৰালা, কেৰালাৰ পৰা হিমাচল প্ৰদেশলৈকে আমি মাত্ৰ এটা নামহে শুনিছো। অৰ্থাৎ ‘আদানী, আদানী, আদানী’… মানুহে মোক সুধি আহিছে যে প্ৰতিটো ব্যৱসায় কেনেকৈ বিনিয়োগকাৰী পায় আৰু প্ৰতিটো উদ্যোগ কেনেকৈ সফল হয়!”
আনহাতে, আদানী বিষয়ত বিজেপিৰ স্থিতি স্পষ্ট। দলৰ নেতাসকলৰ এক বাৰ্তাত কোৱা হৈছে যে আদানী গ্ৰুপক লৈ সৃষ্টি হোৱা বিতৰ্ক কৰ্পৰেটকেন্দ্ৰিক। কেন্দ্ৰীয় চৰকাৰ আৰু শ্বেয়াৰ বজাৰৰ উঠা-নমাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে যদি আদানীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হয় তেন্তে সেয়া ষ্টক ৰেগুলেটৰী অথৰিটি বা ৰিজাৰ্ভ বেংকে (আৰ বি আই) গ্ৰহণ কৰিব।
যদিও সংসদত আদানী বিষয়ক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে। সংশ্লিষ্ট ঔদ্যোগিক গ্ৰুপটোৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত হʼব লাগে বুলি দাবী কৰে। এই সন্দৰ্ভত ৰাহুলে পুনৰ মোদী আৰু আদানীৰ ফটো দেখুৱাই সংসদত কয়, “আদানীৰ সৈতে সম্পৰ্ক আৰম্ভ হৈছিল যেতিয়া নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল… মাত্ৰ এজন ব্যক্তিয়েহে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছিল।
তেওঁ (গৌতম) মোদীৰ প্ৰতি আনুগত্যশীল হৈ থাকিল। আৰু মোদীৰ মনত গুজৰাটক পুনৰ সজাই-পৰাই তোলাৰ ধাৰণাটো সোমাই দিলে।” অলপ থমকি ৰৈ ৰাহুলে লগতে কয়, “আচল যাদু আৰম্ভ হৈছিল ২০১৪ চনৰ পৰা। যেতিয়া মোদী দিল্লী পালে।”ৰাহুলৰ ভাষণৰ ভিতৰতে বিৰোধীৰ সুৰ উত্থাপন কৰিলে বিজেপিয়ে। কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ মন্তব্য, “কেৱল ডাঙৰ অভিযোগ দিলেই যথেষ্ট নহয়।
অভিযোগৰ সঠিক প্ৰমাণ দিব লাগিব।” ৰাহুলে অৱশ্যে ৰৈ নাথাকিল। তেওঁ আৰু কয় যে কেনেকৈ এটা ঔদ্যোগিক কোম্পানীয়ে বিমানবন্দৰৰ ব্যৱসায়ত কোনো পূৰ্বৰ অভিজ্ঞতা অবিহনে প্ৰৱেশ কৰিব পাৰে। তেওঁ কয়, “নিয়ম সলনি হʼল আৰু আদানী গোটে ৬টা বিমানবন্দৰ পালে।
জেডভিআইচি – মুম্বাই বিমানবন্দৰৰ দৰে কোম্পানীৰ হাতত থকা আটাইতকৈ লাভজনক বিমানবন্দৰটো হাইজেক কৰি আদানিক দিয়া হৈছে।” ৰাফেল বিতৰ্কক পুনৰ স্পৰ্শ কৰিলে ৰাহুলে। মুঠতে লোকসভাৰ মজিয়া গৰম হৈ পৰে।