ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলং : নৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি অনুৰাগ তথা সুস্থ শৰীৰ গঢ় দিয়াৰ উদ্দেশ্যে ১৯৫৮ চনতে গঠন হোৱা “কাৰ্বিআংলং ক্ৰীড়া সন্থা”ৰ উদ্যোগত তথা “বৈঠালাংছ’ ক্ৰীড়া সন্থা”ৰ সহযোগত বৈঠালাংছ’ চেৰডিহুন আক্লামত যোৱা ১২ নবেম্বৰৰ পৰা অনুস্থিত হৈ থকা স্বৰ্গীয় মনচিং তিচ’ সোঁৱৰনী “দ্বাদশ কাচা ক্লাৱ ফুটবল চেম্পিয়ন শ্বিপ”ৰ চূড়ান্ত খেলখন বুধবাৰে অনুস্থিত হয়।কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বিআংলং এই দুয়োখন পাৰ্বত্য জিলা সামৰি মুঠ ১২ টা ফুটবল দলে অংশ গ্ৰহন কৰা উক্ত চেম্পিয়ন শ্বিপৰ চূড়ান্ত খেলখন ডিফুৰ “দিপিল গ্ৰীম ফুটবল ক্লাৱ” আৰু লাংহিনৰ “ইৰাক দাও ফুটবল ক্লাৱ”ৰ মাজত অনুস্থিত হয় ।
খেলখনৰ শুভাৰম্ভনি কৰে কাৰ্বিপৰিষদৰ মূখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে । লগত উপস্থিত থাকে স্থানীয় বিধায়ক ডা: মানছিং ৰংপি,কাৰ্বিপৰিষদৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য অমৰছিং তিচ’,স্থানীয় এম.এ.চি.প্ৰভাত চন্দ্ৰ তাৰ’। খেল খনত দুয়োটা দলেই তীব্ৰ প্ৰতিদণ্ডিতা প্ৰদৰ্শন কৰে । ফাষ্ট হাফত কোনো টো দলেই গ’ল দিব নোৱাৰিলে যদিও চেকেণ্ড হাফৰ শেষলৈ দুয়োটা দলেই ১টা ১টা গ’ল দিয়াত খেলখন দ্ৰ হয় । পাছত ট্ৰাইব্ৰেকাৰ পদ্ধতিৰে খেলখন মিমাংসা কৰা হয় । ট্ৰাইব্ৰেকাৰত ডিফুৰ দি লিপ গ্ৰীন ফুটবল ক্লাৱে লাংহিনৰ “ইৰাক দাও ফুটবল ক্লাবক ২-০ গ’লত পৰাস্ত কৰে ।













