ASSAM TIMES POST
ডিফুঃ সংসদৰ চলিত শীতকালীন অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন আৰু গৃহীত হোৱাৰ আশংকাত সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া কাৰবি আংলঙতো পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছ৷ বিধেয়কখনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ সময়তে আজি সন্ধিয়া ডিফু চহৰৰ মাজেৰে কংগ্ৰেছ, এপিএইছ এলচি ৰাজৈতিক দলৰ পৰা আৰম্ভ কৰি একাধিক ছাত্ৰ আৰু সামাজিক সংগঠনে এক প্ৰতিবাদী জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ।
আজি সন্ধিয়া প্ৰায় ছয় বজাত ছাত্ৰ সংগঠনটোৰ শতাধিক কৰ্মীয়ে হাতে হাতে জোঁৰ শিখা লৈ সমদলত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে ’নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’, ’উই ৱান্ট জাষ্টিছ’, ’ বিজেপি গ’ বেক, আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। লগতে চৰকাৰে কাৰ্যকৰী কৰিবলৈ লোৱা ইউনিফৰ্ম চিভিল ক’ড ব্যৱস্থা শীঘ্ৰে বাতিল কৰাৰ বাবেও প্ৰতিবাদকাৰী সকলে দাবী জনায় ।
আনহাতে, দল সংগঠন কেইটাৰ হৈ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন ইএম অশোক টেৰণ, এপিএইছএলচিৰ সভাপতি জে আই কাথাৰে জনবিৰোধী নাগৰিকত্ব সংশোধনী বিধায়ক বাতিল কৰাৰ দাবী জনায় নেতাদ্বয়ে ইউনিফৰ্ম চিভিল কৰ্ডৰো বাতিল কৰিবলৈ আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনায় ৷ সংগঠনটোৱে চৰকাৰক দাবী জনায় ।












