![]()
ধেমাজি, নলবাৰী,যোৰহাট আৰু গুৱাহাটীৰ সফলতাৰ পাছত এইবাৰ অসম গ্ৰন্থমেলা (Assam Book Fair)ৰ ব্যাপক প্ৰস্তুতি চলিছে কাৰবি আংলং জিলাৰ সদৰ ডিফু (Diphu)ত ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত তথা কাৰবি আংলং জিলা প্ৰকাশনৰ সহযোগত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত (Play http://(Assam Book Fair)ground of Government Boys Higher Secondary School) আয়োজন কৰা অসম গ্ৰন্থ মেলা, ডিফু অহা ৬ ফেব্ৰুৱাৰীৰ (6 February) বিয়লি ৪ বজাত উদ্ধোধন কৰিব বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী ৰংবং তেৰাঙে ৷

অসম গ্ৰন্থমেলা, ডিফুৰ প্ৰাংগনত আজি বিয়লি অনুষ্ঠিত এখন সংবাদমেলত এই বিষয়ে সদৰি কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে, উদ্ধোধনী অনুষ্ঠানতেই কাৰবি আংলং জিলা প্ৰশাসনে প্ৰণয়ন কৰা ‘অপৰূপ আৰ্লেং’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰিব অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মোহনে ৷
অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে ৷ সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তই ৷ ৬ ফেব্ৰৱৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ সাত দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা এই গ্ৰন্থমেলাৰ প্ৰতিদিনে বিয়লিৰ ভাগত ভাষা-সাহিত্য- সংস্কৃতি আদি বিভিন্ন বিষয়ৰ আলোচনা সত্ৰ অনুষ্ঠিত হব৷
ইয়াৰ ভিতৰত আছে ৭ ফেব্ৰুৱাৰীত কাৰবি ভাষাত অনুষ্ঠিতব্য ‘ Karbi alam apun-achak kibi aphuthak kachingvai’ ৷ এই আলোচনা সত্ৰখন উদ্ধোধন কৰিব পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে ৷ আলোচনা সত্ৰত আলোচক অতিথি ৰূপে অংশ গ্ৰহণ কৰিব খয়াছিং হাঞ্চে, , খৰছিং টেৰণ, ধৰমছিং টেৰণ, চিকাৰী তিচ’, জয়ছিং টকবী, লুনছে তিমুঙ ৷ আঁত ধৰিব লংছিং টেৰণে ৷
৮ ফেব্ৰুৱাৰীত বিশিষ্ট ঔপন্যাসিক বসন্ত দাসৰ সোঁৱৰণত অনুষ্ঠিত হবলগীয়া আলোচনা সত্ৰ, লোক পৰম্পৰা, চৰ্চা গ্ৰন্থ প্ৰণয়ম’ সঞ্চালনা কৰিব বিশিষ্ট সাংবাদিক, সাহিত্যিক দিলীপ চন্দনে ৷ এই আলোচনা সত্ৰত আলোচক অতিথি হিচাপে উপস্থিত থাকিব ডঃ মনালিচা ৰংপিপী, গীতা হাঞ্চেপী, ডঃ ইন্দ্ৰজিত বেজবৰুৱা আৰু ভৱেন কোঁচ ৷

৯ ফেব্ৰুৱাৰীত বিশিষ্ট কবি অনুভৱ, তুলসীৰ সঞ্চালনাত অনুষ্ঠিত বহুভাষিক সন্মিলন ৷ ১০ জানুৱাৰীত লেখক -সাংবাদিক সঞ্জু বৰাৰ সঞ্চালনাত অনুষ্ঠিত হব যুৱ লেখকৰ সন্মিলন ‘উন্মিলন’ ৷ ১১ ফেব্ৰিৱাৰীত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হব ‘শিশুৰ দিন’ ৷ ‘শিশুৰ দিন’ অনুষ্ঠানটো উদ্ধোধন কৰিব শশীকলা হাঞ্চেপীয়ে ৷
১২ ফেব্ৰুৱাৰীত অসম গ্ৰন্থমেলা, ডিফুৰ সামৰণি অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পুজাৰীয়ে ৷ অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰিব বিশিষ্ট লেখক-গৱেষক ডঃ প্ৰদীপ জ্যোতি মহন্ত, বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী ধনেশ্বৰ ইংতি আৰু কাৰবি লামেট আমেইৰ সভাপতি বাৰিম ইংতিয়ে ৷ গ্ৰন্থমেলাত প্ৰতি সন্ধিয়া বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে ৷
আজিৰ সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ লগতে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ সভাপতি বাহাৰুল ইছলাম, চৌধুৰী, আৰু কাৰবি আংলং জিলাৰ উপায়ুক্ত মধুমিতা ভাগৱতীয়েও সাংবাদিক সকলক সম্বোধন কৰে ৷












