উত্তৰ প্ৰদেশৰ ( Uttar Pradesh) বিধান পৰিষদৰ নিৰ্বাচনত (Election) পুনৰ বৃহৎ জয়লাভ বিজেপিৰ। ৫টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয়। ইয়াৰে ৪টাত পদ্ম শিবিৰে জয়লাভ কৰিছে। নিৰ্দলীয় প্ৰাৰ্থীয়ে ১ খন আসনত জয়লাভ কৰে। ৫টা সমষ্টিত ধৰাশায়ী সমাজবাদী পাৰ্টি।
যোৱা ৩০ জানুৱাৰীত ৫টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই ৫ খন আসনৰ ভিতৰত ৩ খন স্নাতক আৰু ২ খন শিক্ষকৰ বাবে সংৰক্ষিত। বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হয় গণনা। শুকুৰবাৰে সম্পূৰ্ণ হয় গণনাৰ কাম।
গোবলয়ৰ এই ৰাজ্যখনত বিধান পৰিষদৰ আসনৰ সংখ্যা ১০০ খন। ইয়াৰ ভিতৰত এছ পিৰ সদস্যৰ সংখ্যা ৯ জন। বিৰোধী দলৰ নেতা পদ দখল কৰিবলৈ এছ পিক আৰু ১খন আসনৰ প্ৰয়োজন। কিন্তু অখিলেশ যাদৱৰ দলটোৱে ৫খন আসনৰ ভিতৰত এখনো আসন লাভ কৰিব নোৱাৰিলে। কংগ্ৰেছ আৰু বহুজন সমাজ পাৰ্টিয়ে নিৰ্বাচনত অংশ লোৱা নাছিল।
এই বিজয়ৰ লগে লগে বিধান সভাৰ উচ্চ সদনত বিজেপিৰ সদস্যৰ সংখ্যা ৭৯ জনলৈ বৃদ্ধি পালে। বিজেপিয়ে স্নাতকসকলৰ বাবে গোৰখপুৰ-ফৈজাবাদ সংমণ্ডলৰ সংৰক্ষিত আসন, শিক্ষকৰ বাবে এলাহাবাদ-ঝান্সী সংমণ্ডলৰ সংৰক্ষিত আসন, বৰেলী-মোৰাদাবাদ সংমণ্ডলৰ স্নাতকসকলৰ বাবে সংৰক্ষিত আসন আৰু স্নাতকসকলৰ বাবে কানপুৰ সংমণ্ডলৰ সংৰক্ষিত আসন লাভ কৰে। কানপুৰ সংমণ্ডলৰ শিক্ষকৰ বাবে সংৰক্ষিত আসনখন দখল কৰে নিৰ্দলীয় প্ৰাৰ্থী ৰাজ বাহাদুৰ সিং চাণ্ডেলে (Raj Bahadur Singh Chandel)।
বিজেপিৰ জয়ক লৈ স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ (Yogi Adityanath)। বিজেপিৰ প্ৰাৰ্থীৰ বিজয়ক অভিনন্দন জনাই যোগীয়ে টুইটাৰযোগে লিখিছে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Narendra Modi) নেতৃত্বত চলি থকা ডাবল ইঞ্জিন চৰকাৰৰ প্ৰতি জনসাধাৰণৰ সম্পূৰ্ণ আস্থাৰ প্ৰতীক এই জয়।” তাৰ আগতে দলীয় নেতৃত্বই অনুভৱ কৰিছে যে বিধানসভাৰ নির্বাচনত এই বিজয়ে বিজেপি শিবিৰত অতিৰিক্ত অক্সিজেন যোগান ধৰিব৷