
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো উদ্দেশ্য নাই। ‘কক্ৰোচ জনতা পাৰ্টী’ৰ (Cockroach janata party) প্ৰতিষ্ঠাপক অভিজিৎ দীপকেয়ে মঙলবাৰে এই কথাৰ ইংগিত দিয়ে। একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমালোচনাও তেওঁৰ কণ্ঠত শুনা যায়। তেওঁ দাবী কৰে যে নীট কেলেংকাৰীৰ পিছত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীৰ কাষ চাপিব পৰা নাই।

নীট দুৰ্নীতিৰ প্ৰতিবাদত সমগ্ৰ দেশতে প্ৰতিবাদী কাৰ্যসূচী চলি আছে। তেনে পৰিস্থিতিত ‘কক্ৰোচ’ দল গঠন হয়। ছ’চিয়েল মিডিয়াত গঠন হোৱা দলটোৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই দলৰ প্ৰতিষ্ঠাপক অভিজিত পঢ়া-শুনাৰ বাবে বোষ্টনত আছিল।
অৱশ্যে নীট কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদত যোগদান কৰিবলৈ তেওঁ ভাৰতলৈ উভতি আহে। দিল্লীৰ যন্তৰ-মন্তৰৰ পৰা আৰম্ভ হৈছে প্ৰতিবাদ। তাৰ পিছত বহুতৰে মনত প্ৰশ্ন উত্থাপন হয়, চিজেপিক এইবাৰ নিৰ্বাচনী খেলৰপথাৰত দেখা যাব নেকি? অভিজিতে সেই জল্পনা-কল্পনাৰ অন্ত পেলায়।
তেওঁৰ প্ৰশ্ন, “আমি কিয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে? যদি এই দেশৰ সকলোৱে নিজৰ অধিকাৰৰ দাবীত নিৰ্বাচন যুঁজিবলগা হয়, তেন্তে সেয়া কেনেকৈ হ’ব?” অভিজিতে অনুভৱ কৰে যে প্ৰধানমন্ত্ৰীয়ে প্ৰথমে নীট কেলেংকাৰীৰ পিছত মৃত্যু হোৱা ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালক লগ কৰা উচিত।”
অভিজিতে কয়, “পৃথিৱীত কিবা এটা হ’লে প্ৰধানমন্ত্ৰীয়ে টুইট কৰে, কিন্তু দেশত ছাত্ৰ-ছাত্ৰীয়ে কৰা আত্মহত্যাৰ বিষয়ে কোনো উচ্চ-বাচ্য নাই। প্ৰধানমন্ত্ৰীৰ শোকবাৰ্তা পৰ্যন্তও নাই। কিমান দিনলৈ আপোনাৰ ‘মন কি বাত’? অন্ততঃ ছাত্ৰ-ছাত্ৰীৰ ‘মন কি বাত’ শুনক?” অভিজিতে লগতে কয়, “প্ৰধানমন্ত্ৰীয়ে যদি ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতিলেহেঁতেন তেন্তে তেওঁলোকৰ সমস্যা বুজি পালেহেঁতেন। তেওঁ সমাধান বিচাৰি উলিয়াব পাৰিলেহেঁতেন।”
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে তেওঁলোকৰ আন্দোলন বন্ধ নহয় বুলি তেওঁ সকীয়াই দিয়ে। নীট দুৰ্নীতিৰ প্ৰতিবাদত সোমবাৰে জয়পুৰৰ শ্বহীদ স্মাৰকত চিজেপিয়ে এক কাৰ্যসূচী ৰূপায়ণ কৰিছিল। জয়পুৰৰ উক্ত অনুষ্ঠানত দীপকেয়ে ভাষণ দিবলৈ ওলাইছিল।
তাৰ পূৰ্বে চিজেপি সমৰ্থকে তেওঁক কান্ধত তুলি লয়। অভিযোগ অনুসৰি, সেই সময়ত ভিৰৰ মাজৰ পৰা দুজনমানে তেওঁক চৰ মাৰে। লগে লগে চিজেপি সমৰ্থকে অভিযুক্তক ধৰে।
সোমবাৰৰ ঘটনাৰ আঁৰত আৰ এছ এছ জড়িত থকাৰ অভিযোগ অভিজিতৰ। তেওঁ কয়, “যেতিয়াই কোনোবাই চৰকাৰ বা তেওঁলোকৰ মতাদৰ্শৰ বিৰুদ্ধে কথা কয়, তেতিয়াই তেওঁলোকৰ লগত এনে ব্যৱহাৰ কৰা হয়।” অভিজিতৰ দাবী যে তেওঁলোকে কেতিয়াও নিজৰ দাবীৰ পৰা পিছুৱাই নাযায়।










