ASSAM TIMES POST
ডিফু : ভাৰতীয় সেনা- বাহিনীৰ সদ্ভাৱনা অভিযানৰ অধীনত আৰু ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত আজি কাৰবি আংলং জিলাৰ মংবুং গাঁৱৰ স্থানীয় লোক সকলৰ মাজত ৪০ টা সৌৰচীকি বিতৰণ কৰা হয় ৷ এক বিবৃতি যোগে সেনাৰ তৰফৰ পৰা জনোৱা অনুসৰি উন্নয়ণৰ সকলো সা – সুবিধাৰ পৰা বঞ্চিত মংবুং বাসীয়ে আনকি বিদ্যুত সেৱাৰ পৰাও দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আহিছে ৷ বছৰ বছৰ ধৰি উগ্ৰপন্থী সমস্যাই জুৰুলা কৰা স্থানীয় গাঁওবাসীৰ আৰ্থিক অৱস্থাও সুবিধাজনক নহয় ৷ সেয়েহে গাঁওখনৰ আৰ্থিকভাবে অধিক দুৰ্বল লোকসকলৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচিত ৪০ জন লোকৰ মাজত সেনা বাহিনীৰ তৰফৰ পৰা এই সৌৰচাকি সমূহ বিতৰণ কৰা হয় ৷ সৌৰচাকি বিচৰণ অনুষ্ঠানত গাঁওখনৰ ভালে সংখ্যক লোক উপস্থিত থকা বুলি বিবৃতিটোত প্ৰকাশ ৷৷













