ASSAM TIMES POST
ডিফুঃ গুৱাহাটীৰ পৰা চুৰি কৰি অনা ডাম্পাৰ উদ্ধাৰ হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ কালি নিশা অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটিত আৰক্ষীৰ নাকা তালাচীত এখন চুৰি ট্ৰাক উদ্ধাৰ কৰা ঘটনাই বোকাজান মহকুমাৰ মাজেৰে পাৰ হৈ যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটোক গাড়ী চুৰি চক্ৰই যে কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে তাক পুনৰবাৰ প্ৰমাণ কৰিলে ৷
অসম-নগালেণ্ড সীমান্তৱৰ্তী বোকাজান মহকুমাৰ খটখটিত কালি নিশা খটখটি আৰক্ষীয়ে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা নাকা তালাচীত গুৱাহাটীৰ হাতগাঁও আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা চুৰি হোৱা এএছ-০১-ডিডি-৭৭১৭ নম্বৰৰ এখন ডাম্পাৰ উদ্ধাৰ কৰাৰ লগতে গাড়ীৰ চালকজনকো খটখটি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
খটখটি আৰক্ষীয়ে আটক কৰা গাড়ীখনৰ চালক কামৰূপ (মেট্ৰ’) জিলাৰ সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোণপুৰ গাঁৱৰ বাসিন্দা মঃ আম্মান উল্লাহৰ পুত্ৰ মঃ চইদুল মিঞা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷ উল্লেখ্য যে উক্ত ডাম্পাৰখন চুৰি কৰি ডিমাপুৰত বিক্ৰীৰ বাবেই অনা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰাৰ লগতে ঘটনা সন্দৰ্ভত খটখটি আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যহত ৰাখিছে বুলি জানিব পৰা গৈছে।













