![]()
আজি সুদীৰ্ঘ কৰ্মজীৱনৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ (Retirement) কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান (Director General of Assam Police) ভাস্কৰজ্যোতি মহন্ত (Bhaskarjyoti Mahanta)ই। এই উপলক্ষে তেওঁক আনুষ্ঠানিক বিদায় জনাবলৈ আয়োজন কৰা হয় এক বিশেষ কাৰ্যসূচীৰ। গুৱাহাটীৰ কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত তেওঁৰ বিদায় অনুষ্ঠানৰ আয়োজন কৰা হয়।

য’ত তেওঁ অন্তিমবাৰৰ বাবে খাকী পোছাক পৰিধান কৰি পেৰেডত অংশগ্ৰহণ কৰে। উল্লেখ্য, আৰক্ষী সঞ্চালক প্ৰধান হিচাপে ভাস্কৰজ্যোতি মহন্তৰ আছিল আজি অন্তিমটো দিন। সেই উপলক্ষে চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত তেওঁৰ সন্মানত আয়োজন কৰা হয় বিশেষ বিদায়ী পেৰেড। তাত অংশগ্ৰহণ কৰে বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। লগতে তেওঁ আৰক্ষীৰ অভিবাদনো গ্ৰহণ কৰে।
আনহাতে, বিদায়ী পেৰেডৰ (Farewell Parade) পাছতে তেওঁ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অন্তিমটো ভাষণ প্ৰদান কৰে।উল্লেখ্য যে ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৮ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আৰক্ষী বিষয়া আছিল ভাস্কৰজ্যোতি মহন্ত। তেওঁ ২০১৯ চনৰ ৩০ নৱেম্বৰত অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব লাভ কৰিছিল । ১৯৬৩ চনৰ ২৪ জানুৱাৰীত শিৱসাগৰত জন্মগ্ৰহণ কৰা ভাস্কৰজ্যোতি মহন্তই প্ৰাৰম্ভিক শিক্ষা শিৱসাগৰতে গ্ৰহণ কৰিছিল । ১৯৭৭ চনত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ।

তাৰ পিছত ডিগবৈৰ বিবেকানন্দ বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰাৰ লগতে অৰ্থনীতি বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল । দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰামযশ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ স্নাতক তেওঁ। তাৰ উপৰি দিল্লী স্কুল অব ইকন’মিক্সৰ পৰা সমাজসেৱা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।
১৯৮৬ চনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় তথ্য সেৱা বিভাগ লাভ কৰে। ১৯৮৭ চনত তেওঁ পুনৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ভাৰতীয় আৰক্ষী সেৱা লাভ কৰে । এতিয়া তেওঁৰ অৱসৰৰ পিছত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান (Director General of Police) হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হৈছে জি পি সিঙ (G.P. Singh)ক ।













