বলীউড (Bollywood)ৰ প্ৰবীণ অভিনেতা অন্নু কাপুৰ (Annu Kapur) হঠাৎ অসুস্থ (Sick) হৈ পৰে। বুকুৰ বিষৰ বাবে বৃহস্পতিবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অভিনেতাগৰাকীক।অভিনেতাগৰাকীক দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পৰিয়ালৰ সূত্ৰ অনুসৰি, অভিনেতাগৰাকীয়ে হঠাতে বুকুৰ বিষ অনুভৱ কৰে।
চিকিৎসালয় কৰ্তৃপক্ষৰ মতে, অভিনেতাগৰাকী বৰ্তমান বহুপৰিমানে সুস্থ। উল্লেখ্য, বৃহস্পতিবাৰে পুৱা প্ৰায় ৭ বজাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিছুদিনৰ বাবে তেওঁক চিকিৎসালয়ত ৰখা হʼব।
হিন্দী বিগ স্ক্ৰীণৰ জনপ্ৰিয় অভিনেতা অন্নু, ৱেব ছিৰিজৰ পৰা আৰম্ভ কৰি ডাঙৰ পৰ্দালৈকে তেওঁৰ অভিনয়ত দৰ্শক আপ্লুত। ‘মিষ্টাৰ ইণ্ডিয়াʼৰ পৰা ‘জলী এল এল বি ২’লৈকে তেওঁৰ হাতত কেইবাখনো ছবি আছে। ‘ৱিকি ডোনাৰ’ ছবিখনৰ বাবে ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয় অন্নুক। ইয়াৰ পিছত দৰ্শকে ‘ড্ৰিম গাৰ্ল ২’ ছবিখনত দেখা পাব অন্নুক।