ASSAM TIMES POST
বকলীয়াঘাটঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগক লৈ ক্ৰমাৎ উত্তপ্ত হ’বলৈ ধৰিছে পাহাৰীয়া জিলা কেইখনৰ পৰিস্থিতি । বিধেয়কখনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ সময়তে কাৰ্বি ছাত্ৰ সন্থাই আজি সন্ধিয়া বকলীয়াঘাট নগৰত এক জোঁৰ সমদল উলিয়াই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

আজি সন্ধিয়া প্ৰায় ছয় বজাত ছাত্ৰ সংগঠনটোৰ শতাধিক কৰ্মীয়ে হাতে হাতে জোঁৰ শিখা লৈ সমদলত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে ’নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’, ’উই ৱান্ট জাষ্টিছ’, ’কে এছ এ লং লীভ’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। লগতে চৰকাৰে কাৰ্যকৰী কৰিবলৈ লোৱা ইউনিফৰ্ম চিভিল ক’ড ব্যৱস্থা শীঘ্ৰে বাতিল কৰাৰ বাবেও প্ৰতিবাদকাৰী সকলে দাবী জনায় ।

আনহাতে, ৰাজ্য চৰকাৰে শেহতীয়াকৈ আৰোপ কৰা জনসংখ্যা নীতিৰ তীব্ৰ বিৰোধিতা কৰিছে ছাত্ৰ সংগঠনটোৱে। তেনেই তাকৰীয়া জনসংখ্যাৰ পাহাৰীয়া জনগোষ্ঠীসমূহ এনে নীতিৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব বুলি আশংকা কৰি পাহাৰীয়া জনজাতিসকলৰ ক্ষেত্ৰত এনে নীতি প্ৰযোজ্য কৰাৰ পৰা বিৰত থকাৰ বাবে সংগঠনটোৱে চৰকাৰক দাবী জনায়।












