- সংবাদমেল যোগে তুলিৰাম ৰংহাঙ আৰু হিমন্ত বিশ্ব শৰ্মাক নিযুক্তি দিবলৈ দাবী চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাৰ
ASSAM TIMES POST
ডিফুঃ ডিফু মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বাহিৰ হৈছে ডিফু চিভিল হাস্পতালত ঠিকা ভিত্তিক কৰ্মৰত ৪০ ৰো অধিক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকল ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফু চিভিল হাস্পাতালত বছৰ বছৰ ধৰি ঠিকা ভিত্তিক হিছাপে কৰ্মৰত প্ৰায় ৫০ গৰাকী ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ডিফু মেডিকেল কলেজৰ নতুন নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বাহিৰ হৈ ত্ৰাসি মধুসুধন সোঁৱৰিব লগা হৈছে ৷ ৫১ গৰাকী কৰ্মচাৰীয়ে লখিত পৰীক্ষাত অৱতীৰ্ণ হৈ মাত্ৰ তিনি গৰাকীহে উত্তীৰ্ণ হৈ মেডিকেল কলেজখনত নৱ নিযুক্তি প্ৰক্ৰিয়াত স্থান পাইছে ৷

এইলৈ ডিফু চিভিল হাস্পাতাল চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ হৈ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কাষ চপাত ৰংহাঙে তেওঁলোকৰ এডমিট কাৰ্ড সমুহলৈ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যাবলৈ কয় ৷ সেইমতে সন্থাই দুবাৰকৈ মন্ত্ৰী গৰাকীক স্মাৰক পত্ৰযোগে চাকৰি সমূহ বাহাল ৰাখিবলৈ কয়, যোৱা ১৫ নৱেম্বৰত গুৱাহাটীত ডিফু মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ ৩০৪ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিক নিযুক্ত পত্ৰ বিতৰণৰ সময়তো তেওঁলোকৰ চাকৰি সমুহ বাহাল ৰখাৰ অনুৰোধ জনাই স্মাৰক পত্ৰ মন্ত্ৰী গৰাকীৰ হাতত অৰ্পণ কৰিছিল ৷
যিহেতু ইয়াৰ পৰাই তেওঁলোকৰ পৰিয়ালক পোহ পাল দি আছে ৷ সন্থাক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়োটো আলেচনা কৰা হব বুলি কৈ পঠেৱাৰ পিছতো ডিফু চিভিল হাস্পাতালৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থা আশ্বস্ত হব পৰা নাই ৷ সেয়ে কেএছএৰ ৰংথিয়াংস্থিত কাৰ্যালয়ত সংবাদমেলৰ আয়োজন কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকক বঞ্চিত নকৰি চাকৰি বাহাল ৰাখিবলৈ অনুৰোধ জনায় ৷












