বিমান দুৰ্ঘটনা বেয়া বতৰৰ বাবে নহয়, যান্ত্ৰিক বিকলতাৰ বাবেই হৈছে। এই কথা দাবী কৰিছে নেপালৰ Nepal বিমান পৰিবহণ মন্ত্ৰালয়ে। প্ৰথমে দুৰ্ঘটনাটো বেয়া বতৰৰ বাবেই হোৱা বুলি ধাৰণা কৰা হৈছিল। কিন্তু তদন্তত প্ৰকাশ পাইছে যে বিমানখনে ৰাণৱে Runway স্পৰ্শ কৰাৰ ঠিক আগতেই বিমানখন ভাঙি পৰিছিল। ফলত মন্ত্ৰালয়ে দাবী কৰে যে এই ক্ষেত্ৰত বেয়া বতৰ দায়ী নহয়। মন্ত্ৰালয়ৰ সূত্ৰয়ো দাবী কৰিছে যে বতৰ পৰিষ্কাৰ আছিল।
পোখৰা উপত্যকাতো আকাশ পৰিষ্কাৰ আছিল। অৱশ্যে ব্লেক বক্সৰ তথ্যৰ পৰা বিষয়টো অধিক স্পষ্ট হʼব বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, যাত্ৰীবাহী বিমানখনে বিমানবন্দৰ স্পৰ্শ কৰাৰ ১০ ছেকেণ্ড পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত হয়। এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ (এটিচি) Air Traffic Control তথ্য অনুসৰি, পোখৰা বিমানবন্দৰৰ ৰাণৱে পূৱ-পশ্চিম দিশত। এটিচিৰ মতে, প্ৰথমে পাইলটজনক পূৱ দিশত অৱতৰণ কৰিবলৈ ক্লিয়াৰ কৰা হৈছিল।
পিছত অৱশ্যে পাইলটে এটিচিৰ পৰা পশ্চিম দিশলৈ নামিবলৈ অনুমতি বিচাৰিলে। তেওঁক নামিবলৈও অনুমতি দিয়া হৈছিল। কিন্তু ৰাণৱে স্পৰ্শ কৰাৰ ১০ ছেকেণ্ড পূৰ্বে ভাঙি যায়। দেওবাৰে পুৱা য়েটি এয়াৰলাইন্সৰ যাত্ৰীবাহী বিমান এ টি আৰ ৭২ ছেতী গণ্ডাকি নদীৰ পাৰৰ হাবিত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত মুঠ ৭২ জন ক্ৰু মেম্বাৰ আছিল। কাঠমাণ্ডুৰ পৰা পোখৰালৈ আহিছিল বিমানখন।
দেওবাৰে স্থানীয় সময় অনুসৰি পুৱা ১০.৩৩ বজাত ত্ৰিভুৱন বিমানবন্দৰৰ পৰা উৰা মাৰিছিল এ টি আৰ-৭২ বিমানখন। ৫৩ জন নেপালী, ৫ জন ভাৰতীয়, এজন আইৰিছ, দুজন কোৰিয়ান, এজন আৰ্জেণ্টিনাৰ আৰু এজন ফ্ৰান্সৰ যাত্ৰী আছিল। সংবাদ সংস্থা এ এফ পিৰ তথ্য অনুসৰি, এই দুৰ্ঘটনাত ৬৭ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।